ষ্টাফ ৰিপ’ৰ্টাৰ:
নগাঁও : নগাঁওত চাঞ্চল্যকৰ ডকাইতি কাণ্ড।গৃহস্থক নিচাযুক্ত দ্ৰব্য খোৱাই লুটি নিলে মূল্যবান সামগ্ৰী। বনকৰা যুৱতীয়ে দুপৰীয়াৰ আহাৰৰ সৈতে নিচাযুক্ত দ্ৰব্য খুৱাই লুটিলে ধন, সোণসহ মূল্যবান সামগ্ৰী।
আৰক্ষী সূএত প্ৰকাশ পোৱা অনুসৰি জলসিঞ্চন বিভাগৰ অৱসৰপ্ৰাপ্ত অভিযন্তা সত্যপ্ৰসাদ বৰাৰ ঘৰলৈ যোৱা ১ ছেপ্তেম্বৰত ৰুকছানা বেগম নামৰ এগৰাকী যুৱতী আহি ঘৰুৱা কাম-বনত নিয়োজিত কৰিবলৈ খাটনি ধৰিছিল।
নিজকে চামগুৰিৰ ভিতৰুৱা অঞ্চলৰ বুলি পৰিচয় দিয়া যুৱতীগৰাকীয়ে সেইদিনাৰ পৰা সত্যপ্ৰসাদ বৰাৰ ঘৰতে থাকিবলৈ লৈছিল। কিন্তু যোৱা ৫ ছেপ্তেম্বৰৰ দিনা যুৱতীগৰাকীয়ে দুপৰীয়া আহাৰত নিচাযুক্ত ঔষধ মিহলাই খোৱাই দিয়াৰ লগে লগে অচেতন হৈ পৰে সত্যপ্ৰসাদ বৰাৰ লগতে পত্নী প্ৰণতি বৰা আৰু পুত্ৰ সমীৰণ বৰা।
তাৰ পিছতে ঘৰৰ সোণ-ৰূপ, বহু মূল্যবান সামগ্ৰী লুটি এখন ছেণ্ট্ৰ গাড়ীত অহা কেইজনমান যুৱকৰ সৈতে উধাও হয় ডকাইতৰূপী বনকৰা যুৱতীগৰাকী। পিছত ওচৰ চুবুৰীয়াই সংজ্ঞাহীন অৱস্থাত পৰিয়ালটোক উদ্ধাৰ কৰি আৰক্ষীক খবৰ দিয়ে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিয়ালৰ আটাইকেইজনকে নগাঁৱৰ এখন ব্যক্তিগত চিকিত্সালয়ত ভৰ্তি কৰোৱাই।
বৰ্তমান সত্যপ্ৰসাদ বৰা আৰু পত্নী প্ৰণতি বৰা সংকটজনক অৱস্থাত আই চি ইউত চিকিৎসাধীন হৈ আছে।ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰি বনকৰা যুৱতীগৰাকীৰ সন্ধানত অভিযান চলাইছে।












