ষ্টাফ ৰিপ’ৰ্টাৰ:
বোকাখাত : যোৱা ৫ ছেপ্তেম্বৰত বোকাখাত জে. ডি. এছ. জি মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ ষষ্ঠ সন্মাসিকৰ ছাত্ৰ মৃত্যুঞ্জয় শইকীয়া আৰু অংকুৰ গোস্বামীৰ উদ্যোগত অনলাইন ভাৱে শিক্ষক দিৱস অনুষ্ঠিত কৰা হয়।
অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে বিভাগীয় মুৰব্বী শান্তিছায়া বৰুৱাই আৰু আদৰণি ভাষণ প্ৰদান কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ড° জয়ন্ত গগৈয়ে। উক্ত সভাত বক্তৃতা প্ৰদান কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ড° জয়ন্ত গগৈ, ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপিকা শান্তিছায়া বৰুৱা, ৰাজনীতি বিজ্ঞান বিভাগৰ সহযোগী অধ্যাপিকা ড°নন্দিতা কাকতি,ৰাজনীতি বিজ্ঞান বিভাগৰ সহযোগী অধ্যাপক নগেন্দ্ৰ নাথ নায়ক, ৰাজনীতি বিজ্ঞান বিভাগৰ সহযোগী অধ্যাপক প্ৰশান্ত শইকীয়া, ৰাজনীতি বিজ্ঞান বিভাগৰ সহকাৰি অধ্যাপক শশাংক ধৱল শইকীয়া , অনুষ্ঠানটিত লোকগীত পৰিবেশন কৰে ৰঞ্জিত কলিতাই আৰু বাদ্যত সহযোগ কৰে মঞ্জিত শৰ্মা,বৈদ্যুজ্য তামুলীয়ে।
ছাত্ৰ ছাত্ৰীৰ হৈ দ্বিতীয় সান্মাষিকৰ বিশ্বজিত দাস, চতুৰ্থ সন্মাষিকৰ পৰীস্মিতা হাজৰিকা আৰু ষষ্ঠ সন্মাসিকৰ মৌচুমী বৰুৱাই শিক্ষক শিক্ষয়ত্ৰীক উদ্দেশ্যি ভাষণ প্ৰদান কৰে। তাৰ পাছতেই দ্বিতীয় সন্মাসিকৰ বিশ্বজিত দাসে শলাগৰ শৰাই আগবঢ়ায় ৱেবিনাৰ সামৰণি মাৰে।














