ষ্টাফ ৰিপ’ৰ্টাৰ:
বোকাখাত : প্ৰয়াত সাংবাদিক গৌৰী লঙ্কেশৰ তৃতীয় মৃত্যু দিৱসত ৫ চেপ্তেম্বৰৰ দিনা বোকাখাতৰ প্ৰয়াস সাংস্কৃতিক গোষ্ঠীয়ে বোকাখাতত এক বিশেষ সাংস্কৃতিক প্ৰতিবাদ সাব্যস্ত কৰে । বোকাখাতৰ জাতীয় বিদ্যালয়ৰ মঞ্চত এলানি সাংস্কৃতিক কাৰ্যসুচীৰে প্ৰয়াসে প্ৰতিবাদ সাব্যস্ত কৰে ৷
উল্লেখ্য যে ২০১৭ চনৰ ৫ চেপ্তেম্বৰত হত্যা কৰা হৈছিল সাংবাদিক গৌৰী লঙ্কেশক । বাংগালোৰৰ নিজা বাসভৱনত অচিনাক্ত বন্দুকধাৰীয়ে হত্যা কৰিছিল গৌৰী লঙ্কেশক । গোড়া হিন্দুত্ববাদৰ বিৰুধিতা কৰিছিল গৌৰী লঙ্কেশে । বোকাখাতত গৌৰী লঙ্কেশৰ তৃতীয় মৃত্যু দিৱস উপলক্ষে স্থানীয় প্ৰয়াস সাংস্কৃতিক বাহিনীয়ে এক বিশেষ সাংস্কৃতিক প্ৰতিবাদ অনুষ্ঠিত কৰে ।
“ভাৰতীয় গন নাট্য সংঘ অসমৰ উদ্যোগত আমি যদি জাগি নুঠোঁ,এই দেশ হ’ব নিঃশেষ” শীৰ্ষক এই সাংস্কৃতিক প্ৰতিবাদ অনুষ্ঠিত হয়৷গীত, আবৃত্তি, মুকাভিনয় ,নাটক আৰু ছবিৰে গৌৰী লঙ্কেশলৈ শ্ৰদ্ধা নিবেদন কৰাৰ লগতে সাংবাদিক গৰাকীৰ হত্যাৰো প্ৰতিবাদ জনায় প্ৰয়াস সাংস্কৃতিক বাহিনীয়ে ৷
অনুষ্ঠানত গন মাধ্যমত জনপ্ৰিয়তা লাভ কৰা নগাওঁৰ জাতীয় সাংস্কৃতিক বাহিনীৰ প্ৰাচুৰ্য প্ৰাণ নাথে তেওঁৰ অভিনয়েৰে সাম্প্ৰতিক সময়ৰ পটভুমিত গাদী দখলৰ ৰাজনীতি আৰু শোষণৰ এক মননশীল উপস্থাপন কৰে ৷ প্ৰয়াস সাংস্কৃতিক গোষ্ঠীৰ হৈ সোনেশ্বৰ নৰহে আঁত ধৰা এই অনুষ্ঠানত বোকাখাতৰ বিশিষ্ট ব্যক্তি সকলৰ লগতে সাংবাদিক সকলো উপস্থিত থাকে ৷













