নিউজ ডেস্কঃ
পুনৰ অসমত ৮ গৰাকীকৈ ক’ৰোণা আক্ৰান্তই প্ৰাণ হেৰুৱালে। শেহতীয়াকৈ কৰা টুইটযোগে এই কথা জানিবলৈ দিয়ে স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে।
ক’ৰোণাত মৃত্যু হোৱা এই ৮ জন ব্যক্তি হৈছে ক্ৰমে শংকৰ শৰ্মা আৰু মধুস্মিতা বৰুৱা ডিব্ৰুগড়ৰ পৰা, মাইনা দাস লখিমপুৰৰ পৰা, গিৰিৱালা দেৱী নগাওঁৰ পৰা, প্ৰশান্ত কুমাৰ বৰঠাকুৰ আৰু প্ৰণৱ ভওঁমিক কামৰূপ মেট্ৰো’ৰ পৰা, হিৰন্ময়ী দাস কোকৰাঝাৰৰ পৰা আৰু ধনেশ্বৰ বৰা যোৰহাটৰ পৰা। ইয়াকে লৈ ৰাজ্যত মৃতকৰ সংখ্যা হৈছে ৩৬০ জন।













