নিউজ ডেক্স:
পুনৰ নিৰ্ভয়া কাণ্ড মণিপুৰত।লম্পট প্ৰমিক আৰু প্ৰেমিকৰ বন্ধুৱে এগৰাকী ১৪ বছৰীয়া কিশোৰীক কৰিলে দলবদ্ধ ধৰ্ষণ।ঘটনা
অনুসৰি, মঙলবাৰে নিশা এটা ফোনকল অহাৰ পিছতে ঘৰৰ পৰা ওলাই যায় কিশোৰীগৰাকী। কিন্তু দীৰ্ঘসময় ধৰি ঘৰলৈ উভতি নহাত হাহাকাৰ লাগে পৰিয়ালৰ মাজত। পিছদিনা পুৱা কাষৰ এখন গাঁৱত এটা পুখুৰীত অচেতন অৱস্থাত উদ্ধাৰ হয় কিশোৰীগৰাকী। কিশোৰীগৰাকীৰ ডিঙি ৰঁচিৰে বান্ধি থোৱাও আছিল।
লগে লগে পৰিয়ালৰ লোকে ইম্ফলৰ ৰিজনেল ইনষ্টিটিউট অৱ মেডিকেল চাইন্সত ভৰ্তি কৰাই কিশোৰীগৰাকীক। আৰু চিকিত্সালয়খনতে মৃত্যুক সাৱটি লয় কিশোৰীগৰাকীয়ে। আৰক্ষীয়ে জনোৱা মতে, একিউট ৰেচপিৰেটৰী ডিষ্ট্ৰেছত ভুগিছিল কিশোৰীগৰাকী ।
পৰিয়ালৰ লোকে জনাই যে, প্ৰেমিকৰ সৈতে পলাই যাব বিচাৰিছিল কিশোৰীগৰাকীয়ে। সেইকাৰণেই ঘৰৰ পৰা ওলাই গৈছিল। কিন্তু সেই লম্পট প্ৰেমিকেই লগৰ বন্ধুৰ সৈতে লগ হৈ দলবদ্ধ ধৰ্ষণ কৰে কিশোৰীগৰাকীক।
ইতিমধ্যে কিশোৰীগৰাকীৰ প্ৰেমিক মহম্মদ মাজা খান সহ চাৰিজন যুৱকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ইতিমধ্যে আৰক্ষীয়ে আই পি চি ৩৭৬,৩০২ ধাৰাত ৰুজুৰ কৰি কৰি তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে।
আৰক্ষীয়ে বৰ্তমান মৰনোত্তৰ পৰীক্ষাৰ ৰিপৰ্টলৈ অপেক্ষা কৰিছে। মণিপুৰ চৰকাৰৰ তৰফৰ পৰা নিৰ্যাতিতা নাবালিকাৰ পৰিয়ালক ৫ লাখ টকাৰ ক্ষতিপূৰণ দিয়া হৈছে।













