নিউজ ডেক্স:
অৰুণাচলত অস্ত্ৰ সহ ৩ নগা উগ্ৰপন্থী আটক।অৰুণাচল প্ৰদেশৰ মেও অঞ্চলত অব্যাহত থকা উগ্ৰপন্থী বিৰোধী তীব্ৰ অভিযানৰ ফলত সেনা-আৰক্ষীৰ জালত পৰিছে সদস্য কেইজন।
এই উগ্ৰপন্থী বিৰোধী অভিযানত যোৱা ৪ চেপ্তেম্বৰ তাৰিখে সেনা বাহিণী, চি আৰ পি এফ আৰু অৰুণাচল আৰক্ষীয়ে এমপেন গাৱৰ পৰা ৱাংমণ খিমণ (২৭)নামৰ এজন নগা উগ্ৰপন্থী সদস্যক আটক কৰাৰ পাছত যোৱা দেওবাৰে পুনৰ অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ মেও আৰক্ষী থানাৰ অন্তৰ্গত এমপেনত ১৪ নং ৰাজপুত ৰেজিমেণ্ট, ১৭১ নং চি আৰ পি এফ আৰু অৰুণাচল আৰক্ষীয়ে অভিযান চলাই আটক কৰিবলৈ সক্ষম হৈছে আন দুজনকৈ দুধৰ্ষ উগ্ৰপন্থী সদস্য।
ধৃত উগ্ৰপন্থী কেইজন এন এচ চি এন (কে)ৰ সদস্য বুলি জানিব পৰা গৈছে। সদস্য কেইজনৰ নাম ৰঞ্জন চাকমা আৰু কমল চাকমা। উল্লেখ্য যে অসম আৰু অৰুণাচল প্ৰদেশত কূটাঘাতৰ লক্ষ্যৰে ম্যানমাৰৰ পৰা অহা বুলি পোৱা খবৰৰ ভিত্তিত চি আৰ পি এফ, সেনা আৰু অৰুণাচল আৰক্ষীয়ে এই আটাইকেইজন উগ্ৰপন্থী সদস্যক বিচাৰি অভিযান চলাই অৱশেষত অস্ত্ৰ-শস্ত্ৰ সহ কৰায়ত্ব কৰিবলৈ সক্ষম হয়।
সদস্য কেইজনৰ পৰা এটা এম ২২ পিস্তল, ৯টা মেগজিন, ২৩৯ জাঁই সজীৱ গুলি, এটা চাইনীজ গ্ৰেণেড, এটা ৱাৰলেছ ছেট, এটা ৱাৰলেছ ছাৰ্জাৰ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।













