আমাৰ অসম কাকতৰ সম্পাদক, জ্যেষ্ঠ সাংবাদিক, লেখক তথা সমাজকৰ্মী মনোজ গোস্বামীয়ে আজি ২০২০ বৰ্ষৰ দামোদৰ দেৱ বঁটা গ্ৰহণ কৰে। যোৰহাটৰ আউনীআতি সত্ৰত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে উক্ত বঁটা প্ৰদান কৰে। অনুষ্ঠানত উপস্থিত থাকে আউনীআতি সত্ৰৰ সত্ৰাধিকাৰ পীতাম্বৰ দেৱগোস্বামীসহ কেইবাজনো বিশিষ্ট ব্যক্তি। উল্লেখযোগ্য যে বঁটা হিচাপে মনোজ গোস্বামীক প্ৰদান কৰা হয় নগদ ধন, প্ৰশস্তি-পত্ৰ আৰু উপহাৰৰ টোপোলা।
মাধৱদেৱৰ তিথিৰ লগত সংগতি ৰাখি অনুষ্ঠিত বঁটা প্ৰদান অনুষ্ঠানত নিজৰ ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয়, “মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱে সকলোৰে প্ৰতি সমদৃষ্টি ৰাখি গঢ় দি থৈ গৈছে এখন ঐক্যবদ্ধ আৰু ভাতৃত্ববোধসম্পন্ন সমাজৰ শক্তিশালী ভেটি। আজি তেৰাৰ পৱিত্ৰ তিৰোভাৱ তিথি উপলক্ষে যোৰহাটৰ শ্ৰীশ্ৰী আউনীআটী কলিয়াপানী শাখা সত্ৰত ভক্তিপূৰ্ণ সেৱা জনাই ৰাজ্যবাসীৰ মংগল কামনা কৰিলোঁ।”
মনোজ গোস্বামীলৈ শুভেচ্ছা জনাই তেওঁ কয়, “অসমৰ সাহিত্য আৰু সংবাদ ক্ষেত্ৰলৈ আগবঢ়োৱা উল্লেখযোগ্য অৱদানৰ বাবে বিশিষ্ট সাংবাদিক মনোজ কুমাৰ গোস্বামীক আজিৰ অনুষ্ঠানতে ‘শ্ৰীশ্ৰী দামোদৰদেৱ বঁটা’ প্ৰদান কৰি আন্তৰিক শুভেচ্ছা জনালোঁ।”
https://www.facebook.com/SarbanandaSonowal/videos/359120028439253/
তেওঁ লগতে কয়, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীশ্ৰী মাধৱদেৱে তাহানিতে প্ৰকৃতিৰ সংৰক্ষণ আৰু সংবৰ্ধনৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। গুৰু দুজনাৰ সেই মহান আদৰ্শৰপৰা অনুপ্ৰেৰণা লৈ এখন স্বচ্ছ, সেউজ আৰু প্ৰদূষণমুক্ত অসম গঢ়াৰ দিশত আমি মনোনিবেশ কৰিছোঁ। বিগত সময়ছোৱাত আমাৰ চৰকাৰে ৮ কোটিজোপা গছপুলি ৰোপণ কৰিছে। আৰ্থ-সামাজিক, সাংস্কৃতিক আৰু আধ্যাত্মিক প্ৰতিটো ক্ষেত্ৰতে গুৰু দুজনাৰ বিশাল কৰ্মৰাজি আমাৰ বাবে পাথেয় হৈ ৰ’ব।”















