
মৃত্যুতো এক শিল্প। জীৱনৰ কঠিন শিলত কটা নিৰ্লভ ভাস্কর্য। হয়, মৃত্যু এটা শিল্প। কিন্তু কাৰোবাৰ অকাল মৃত্যু কেতিয়াও শিল্প হ’ব নোৱাৰে। এই মৃত্যু হয় অসহ্য যন্ত্ৰণা আৰু শোকৰ পাৰ নোপোৱা এখন সাগৰ। মৃত্যু কাৰ, কেতিয়া আৰু কেনেকৈ আহে কোনেও নাজানে। কিন্তু সেই মৃত্যু যদি আকস্মিক, অনাহুত হয়, সেই মৃত্যু যদি ভালকৈ জীৱন দেখিবই নোপোৱা নিজৰ কণমানি সন্তানৰ হয়, তাতকৈ অসহনীয় আৰু বেদনাদায়ক আন একোৱেই হ’ব নোৱাৰে। তেনে এক হৃদয় বিদাৰক ঘটনাই সংঘটিত হৈছে ধিঙত।
এয়া ধিঙৰ বেছামাৰীৰ ঘটনা। মা-বাবা বুলি শুৱলা মাতেৰে অনবৰতে আব্দাৰ কৰি থকা কণ্ঠ দুটা আজি স্তব্ধ। হাঁহিৰ খিলখিলনি আৰু পখিলাৰ দৰে জঁপিয়াই ৰজনজনাই ৰখা ঘৰখন এতিয়া নিতাল, নিস্তব্ধ। হাঁহি-ধেমালিৰে বুকু ভৰাই ৰখা দুটি নিষ্পাপ শিশু আজি নিয়তিৰ কোলাত নিদ্ৰামগ্ন। মাক-বাপেকৰ বুকু উদঙাই নিয়তিয়ে কাঢ়ি লৈ গ’ল এই দুটি নিষ্পাপ শিশুক। যাৰ ফলত আজি সকলোৰে চকুত চকুলো, নেকান্দো বুলিও কান্দিবলৈ বাধ্য সকলো। পিতৃ-মাতৃ, পৰিয়াল-পৰিজন, আত্মীয়-স্বজন তথা অঞ্চলবাসীক শোক সাগৰত ডুবাই চিৰদিনৰ বাবে গুচি গ’ল এই দুই নিষ্পাপ শিশু। পিতৃ-মাতৃৰ ৰঙীণ সপোনক মুহূৰ্ততে ভাঙি নিয়তিয়ে দি থৈ গ’ল কেৱল বেদনা গধুৰ হৃদয় আৰু দুচকুত বাট নেদেখা অশ্ৰু। মৃত্যু চিৰন্তন সত্য, কিন্তু দুটি দেৱশিশুৰ মৃত্যু সঁচাকৈয়ে অসহনীয়।
এই ঘটনা ধিঙৰ বেছামাৰী গাঁৱৰ। গাঁওখনৰ হবিবুৰ ৰহমানৰ ৫ বছৰীয়া কন্যা হাবিবা তানজুম আৰু একে পৰিয়ালৰেই হাবুল হকৰ সাত বছৰীয়া কন্যা হাবিজুন নাহাৰৰ দিনৰ প্ৰায় ১ বজাত ঘৰৰ ওচৰতেই থকা পুখুৰীত পৰি সলিল সমাধি ঘটে। এই ঘটনাৰ পিছতই বৃহত্তৰ অঞ্চলটোত বিৰাজ কৰে শোকাকুল পৰিবেশৰ। নিষ্ঠুৰ নিয়তিৰ ইচ্ছাত হঠাতে আন্ধাৰে আৱৰি ধৰে পৰিয়াল দুটাত।











