নিউজ ডেক্স:
বিগত ৯ মাহ কাৰাবন্দী হৈ থকা কৃষক নেতা অখিল গগৈয়ে ৰাজ্যত নতুন ৰাজনৈতিক দল গঠন কৰা সন্দৰ্ভত প্ৰকাশ কৰিছে প্ৰথম প্ৰতিক্ৰিয়া।গুৱাহাটী মেডিকেল কলেজ হাস্পতালত গগৈক স্বাস্থ্য পৰীক্ষা কৰাবলৈ অনাৰ সময়ত প্ৰথমবাৰৰ বাবে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।
আছু-যুৱ ছাত্ৰ পৰিষদৰ নেতৃত্বত গঠন হব লগা নতুন ৰাজনৈতিক দলক অভিনন্দন জনালে গগৈয়ে।এটা দল, এখন পতাকা, এটা প্ৰতীক হ’ব লাগিব।নহলে বিজেপি দলক সুবিধা কৰি দিয়া হ’ব অৰ্থাৎ বুমেৰাং হ’ব সকলো-গগৈয়ে কয়। লগতে সকলো ঐক্যবদ্ধ হৈ থাকিব লৈ কৃষক নেতা গৰাকীয়ে আহ্বান জনায়।
উল্লেখ আছু-যুৱ ছাত্ৰ পৰিষদে ৰাজনৈতিক দল প্ৰতিষ্ঠা কৰা বাবে গঠন কৰা “অসম পৰামৰ্শদাতা কমিটিয়ে” ইতিমধ্যে প্ৰতিবেদন দাখিল কৰিছে।বিশেষ সূত্ৰ খবৰ অনুসৰি আছু-যুৱ ছাত্ৰ পৰিষদৰ ৰাজনৈতিক দলত কৃষক মুক্তিকো অন্তৰ্ভুক্ত কৰা কমিটিয়ে পৰামৰ্শ দিছে।সেই অনুসৰি নতুনকৈ গঠন হ’ব লগা ৰাজনৈতিক দলত কৃষক মুক্তিৰো জড়িত হ’ব।
উল্লেখ কৃষক নেতা গৰাকীক স্বাস্থ্য পৰীক্ষাৰ বাবে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰলৈ অনা হয়।ডিচেম্বৰ মাহত কা’ আন্দোলনত সক্রিয় ভাৱে অংশগ্ৰহণ কৰা বাবে কৃষক নেতা গগৈক গ্ৰেপ্তাৰ কৰা হৈছিল।













