নিউজ ডেক্স:
গুৱাহাটী গান্ধীবস্তি কৃষক মুক্তিৰ সংগ্রাম সমিতিৰ মুখ্য কাৰ্যলয়ত ৭০টাকৈ জাতীয় সংগঠনৰ বৈঠক।বৈঠকত গ্ৰহণ কৰিছে বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত।বৈঠকৰ অন্তত সংবাদমেলৰ সম্বোধন অসমৰ জনতাক অৱগত কৰিলে সিদ্ধান্ত কথা।
বিজেপি-আৰএছএছক প্ৰতিহত কৰা বাবে টঙালি বন্ধা বুলি উল্লেখ কৰি কৃষক মুক্তি সংগ্রাম সমিতিৰ সাধাৰণ সম্পাদক ধৈৰ্য কোঁৱৰে কয়- “২১ত বিজেপিক প্ৰতিহত কৰিব নোৱাৰিলে অসমৰ জাতীয় জীৱন সুৰক্ষিত নহয়।সৰ্বানন্দ- হিমন্তই দিল্লীৰ দালাল কৰি আছে।এইসকলক অসমৰ পৰা পুলিয়ে পোখাই উঘালী পেলাব লাগিব”।
বৈঠকত গ্ৰহণ কৰা প্ৰস্তাৱ সমূহ ঐতিহাসিক বুলি উল্লেখ কৰি টাই আহোম ছাত্ৰ সন্থাৰ যুটীয়া সম্পাদক মিলন বৰগোঁহাই কয়- এটা দল, এখন পতাকা, এখন সংবিধানৰ তলত সকলো একত্ৰিত হৈ বিজেপি বিৰুদ্ধে থিয় হ’ব লাগিব।
শিৱসাগৰৰ উপ-নির্বাচনত কৃষক নেতা অখিল গগৈক নিৰ্দলীয় প্ৰাৰ্থী হিচাপে অৱৰ্তীন হোৱা প্ৰস্তাৱ গ্ৰহণ কৰিছে ৭০ সংগঠনে।অৱশ্যে এই সন্দৰ্ভত কাৰাবন্দী কৃষক নেতা গৰাকী সন্মতি গ্ৰহণ বাবে আজি প্ৰেৰণ কৰিব পত্ৰ- এই কথা বৰ গোঁহাই অৱগত কৰে।
৭০ সংগঠনৰ নেতৃত্বই কৃষক মুক্তি ৰাজনৈতিক দল গঠনৰ ঘোষণাক আদৰণি জনোৱা বুলি উল্লেখ কৰি তেওঁ কয়- কৃষক মুক্তিয়ে দল গঠন কৰাৰ কথা ঘোষণা ৭০ সংগঠনক অৱগত কৰি মতামত, দিহা- পৰামৰ্শ গ্ৰহণ কৰিছে তাৰ বাবে আদৰণি জনাইছোঁ।
আছু-যুৱ ছাত্ৰ পৰিষদৰ নতুন ৰাজনৈতিক দল গঠন কৰা সন্দৰ্ভত ৭০ সংগঠনৰ উমৈহতীয়া প্ৰস্তাৱ পৃথকে-পৃথকে নহয় সকলো একেলগ হৈ যুজঁ দিব লাগে।এই বিষয়ত ৭০ সংগঠনৰ মজিয়াৰ পৰা টাই আহোম ছাত্ৰ সন্থাই আছু ৩০ জনগোষ্ঠীয় সংগঠনৰ সৈতে বুধবাৰে গুৱাহাটীত এক বৈঠকত মিলিত হৈ ৭০ সংগঠনৰ প্ৰস্তাৱ সমূহ দাঙি ধৰিব বুলি মিলন বৰগোঁহাই জানিবলৈ দিয়ে।













