![]()
গুৱাহাটী : ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ সভাপতি ৰণজিৎ কুমাৰ দাসে সংবাদ মাধ্যমৰ দ্বাৰা জনোৱা প্ৰত্যাহ্বানৰ আগত সেও মানিলে কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই। বিজেপিৰ অসম প্ৰদেশৰ সভাপতি ৰণজিৎ কুমাৰ দাসে ৰিপুণ বৰালৈ মুকলি প্ৰত্যাহ্বানৰ জনাই কৈছিল যে, ২০২১ত বিজেপি দলে অসমত ভবামতেই আসন লাভ কৰি চৰকাৰ গঠন কৰিব, যদি এয়া সফল নহয় তেনেহ’লে তেওঁ সক্ৰিয় ৰাজনীতিৰ পৰা অৱসৰ গ্ৰহণ কৰিব।
তেওঁ কংগ্ৰেছ সভাপতি ৰিপুণ বৰাকো কংগ্ৰেছ দলে চৰকাৰ গঠন কৰিব নোৱাৰিলে একেই পণ ল’বলৈ প্ৰত্যাহ্বান জনাইছিল। ইয়াৰ প্ৰত্যুত্তৰত কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই নিজৰ দুৰ্বলতা উদঙাই কয় যে, নিৰ্বাচনত হাৰিলেও কংগ্ৰেছে ৰাইজৰ লগত থাকি কাম কৰি যাব৷ ইয়েই কংগ্ৰেছ সভাপতি ৰিপুণ বৰা বিজেপিৰ ৰাজ্যিক সভাপতি ৰণজিৎ কুমাৰ দাসৰ আগত যে তেনেই নিশকতীয়া তাকেই প্ৰতিপন্ন কৰে।
আজি ৰাজ্যিক বিজেপিৰ মুখ্য মুখপাত্ৰ ৰূপম গোস্বামীয়ে হেঙেৰাবাৰীস্থিত বিজেপিৰ মুখ্য কাৰ্যালয়ত এক সংবাদমেল সম্বোধি এনেদৰে কয়। সততেই ভাৰতীয় জনতা পাৰ্টিৰ দোষ খুচৰি ফুৰা কংগ্ৰেছ দলক উভতি ধৰি ৰাজ্যিক বিজেপিৰ মুখ্য মুখপাত্ৰ ৰূপম গোস্বামীয়ে কয় যে, কংগ্ৰেছৰ দিনত এমজি এনৰেগা, স্কুল প্ৰাদেশীকৰণ আদিৰ নামত ব্যাপক অনিয়ম আৰু দুৰ্নীতি হৈছিল।
আনকি বিজেপিৰ সমালোচনা সদায়েই মুখত থকা ৰিপুণ বৰা শিক্ষা মন্ত্ৰী থকা সময়তো ১৯৯১ চনৰ পৰা অসমৰ ৰাইজে দাবী কৰি থকা স্কুল প্ৰাদেশীকৰণ কৰিবলৈ সামৰ্থ্য হোৱা নাছিল, যিটো বিজেপি চৰকাৰে মাত্ৰ ৪ বছৰতে সম্ভৱ কৰি তুলিছিল। তদুপৰি, কংগ্ৰেছৰ দিনত এমজি এনৰেগা আঁচনিৰ টকাও সৰ্বসাধাৰণ ৰাইজৰ বাবে ব্যয় হোৱা নাছিল, ইয়াত ব্যাপক অনিয়ম ঘটিছিল। এই আঁচনিৰ টকা তেওঁলোকে বলেৰ’ গাড়ী কিনি জিলাই জিলাই বিলাইছিল৷
এই কথা প্ৰকাশ কৰিছিল কংগ্ৰেছৰ সেই সময়ৰ কেন্দ্ৰীয় মন্ত্ৰী স্বয়ং জয়ৰাম ৰমেশে। কিন্তু বিজেপি চৰকাৰৰ দিনত এমজি এনৰেগা আঁচনিৰ অধীনত ৬৫০ লাখ কৰ্মদিন ধার্য কৰি প্ৰায় ২১৮ লাখ কৰ্ম দিন সম্পূৰ্ণ কৰিছে, ১১ লাখ পৰিয়ালে কৰ্মসংস্থাপন পাবলৈ সক্ষম হোৱাৰ লগতে তেওঁলোকে বেংক একাউণ্ট যোগে ৪৬৬ কোটি টকা পাবলৈ সক্ষম হৈছে।
১৫ বছৰীয়া শাসনত কংগ্ৰেছে কেগৰ প্ৰতিবেদনৰ ৪৭ হাজাৰ কোটি টকাৰ ব্যৱহৃত প্ৰমাণ-পত্ৰ দিবলৈ অসমৰ্থ আছিল। বিজেপি চৰকাৰ শাসনত অহাৰ পিছত চাৰি বছৰতে ইয়াৰ পৰিমাণ যথেষ্ট হ্ৰাস কৰিবলৈ সমৰ্থ হৈছে। ইয়েই প্ৰতিপন্ন কৰে যে, বিজেপি চৰকাৰে চাৰে চাৰি বছৰৰ ভিতৰতে সামগ্ৰিক উন্নতি ঘটাই যথেষ্ট পাৰদৰ্শিতা আৰু ফলপ্ৰসূভাৱে কাম কৰিবলৈ সক্ষম হৈছে।
কংগ্ৰেছে ১৫ বছৰে গোটেই থৈ যোৱা দুৰ্নীতি, ভ্ৰষ্টাচাৰ, ব্যাপক অনিয়মৰ বোজাবোৰ বিজেপিয়ে পৰিষ্কাৰ কৰাই নহয় পুনৰাই অসমৰ সকলো ৰাইজৰ উন্নতি ঘটাই অসমখনক ন-ৰূপত প্ৰতিষ্ঠা কৰিছে। কংগ্ৰেছ দলে ১৫টা বছৰত অসমৰ যি উন্নতি কৰিলে, তাতকৈ চাৰি গুণ বেছি উন্নতি বিজেপি মিত্ৰজোঁট চৰকাৰে মাত্ৰ চাৰি বছৰতে কৰিলে।
ৰাজ্যিক বিজেপি মুখ্য মুখপাত্ৰ ৰূপম গোস্বামীয়ে পুনৰ কয় যে, বিজেপিয়ে শক্তি আহৰণ কৰে অসমৰ থুলৱা জাতি-জনগোষ্ঠী, অসমৰ মহাপুৰুষ শ্ৰীশ্ৰী শংকৰদেৱ, শ্ৰীশ্ৰী মাধৱদেৱ, শক্তিপীঠ মা কামাখ্যাৰ পৰা৷ আনহাতে, কংগ্ৰেছ দলে শক্তি আহৰণ কৰিছে মিৰ্জাফৰৰ নিচিনা ব্যক্তিৰ পৰা।
কংগ্ৰেছ-এআইইউডিএফৰ মিত্ৰতাৰ সম্পৰ্কত মুখ্য মুখপাত্ৰ ৰূপম গোস্বামীয়ে কয় যে, তেওঁলোক একেটা মুদ্ৰাৰ ইপিঠি-সিপিঠি। তেওঁলোকৰ মিত্ৰতা পূৰ্বৰ পৰাই আছে, আগতে পৰোক্ষভাৱে আছিল বৰ্তমানে প্ৰত্যক্ষভাৱে কৰিব বিচাৰিছে। নিৰ্বাচনৰ সন্মুখ সমৰত এই মিত্ৰজোঁটে ইতিমধ্যেই অস্ত্ৰ সম্বৰণ কৰি পলাই পত্ৰং দিলে।













