অজন্তা তালুকদাৰ:
বোকাখাত : বোকাখাতৰ মহকুমাধিপতি বিবেক শ্যামৰ পদোন্নতি হৈছে যোৰহাট জিলাৰ অতিৰিক্ত উপায়ুক্ত হিচাপে। সেই গতিকে আজি প্ৰকৃতি সুৰক্ষাৰ স্বাৰ্থত সেৱা আগবঢ়োৱা উজনি অসমৰ অন্যতম শক্তিশালী বেচৰকাৰী অনুষ্ঠান ‘গ্ৰাছ, বোকাখাত’ৰ তৰফৰ পৰা মহকুমাধিপতি গৰাকীক বোকাখাত এৰি যোৱাৰ প্ৰাকমুহূৰ্তত অনুষ্টুপীয়া বিদায় সম্বৰ্দ্ধনা জনোৱা হয়।
কভিড প্ৰটকল অটুত ৰাখি গ্ৰাছৰ সম্পাদক ইন্দ্ৰেশ্বৰ বৰাই আঁত ধৰা অনুষ্ঠানত মহকুমাধিপতি গৰাকীক গ্ৰাছৰ তৰফৰ পৰা এখনি বিদায় সম্বৰ্দ্ধনা পত্ৰ, স্মাৰক, বাঁহৰে নিৰ্মিত হস্ত-সঁজুলি আৰু অন্যান্য উপহাৰ প্ৰদান কৰা হয়। মহকুমাধিপতি বিবেক শ্যাম আৰু গ্ৰাছ পৰিয়ালৰ মাজত হোৱা এক আন্তৰিক আৰু অন্তৰংগ বাৰ্তালাপে মহকুমাধিপতিৰ কাৰ্যালয়ত আজি এক আবেগিক পৰিবেশৰ সৃষ্টি কৰিলে।
গ্ৰাছৰ উপদেষ্টা অজন্তা তালুকদাৰ, পলিমা চেতিয়া বসুমতাৰী, সদস্য নৱজিৎ বৰাৰ লগতে উপস্থিত প্ৰতিগৰাকী গ্ৰাছ পৰিয়ালৰ বিষয় ববীয়া, সদস্যই বক্তব্য ৰাখে। আজিৰ বিদায় সম্বৰ্দ্ধনা অনুষ্ঠানত আৰু উপস্থিত থাকে সভাপতি অংকুৰ বৰঠাকুৰ, সম্পাদক ইন্দ্ৰেশ্বৰ বৰা, উপসভাপতি সঞ্জীৱ হাজৰিকা, উপদেষ্টা সকল ক্ৰমে মৃদুস্মিতা শৰ্মা, মনালিছা শইকীয়া, পলিমা চেতিয়া বসুমতাৰী, সদস্য ক্ৰমে দুলু আচাৰ্য আৰু পাপু ৰহমান, প্ৰমোদ ঘোষ, কাজিৰঙা শাখাৰ সভাপতি চন্দন নাথ, কোষাধ্যক্ষ প্ৰনৱ শিকদাৰ, গ্ৰাাছৰ মুখপত্ৰ ‘শ্যামলীমা’ৰ সম্পাদক বদন দুৱৰা আদি।














