
মনোজ কুমাৰ পাঠক
লংকা : লংকা ৰে’ল ষ্টেচনৰ সমীপত পৰিত্যক্ত অৱস্থাত এজন ব্যক্তিৰ মৃতদেহ উদ্ধাৰ। ব্যক্তিজন বাবুল কৰ্মকাৰ বুলি জানিব পৰা গৈছে। ঘৰ লংকাৰ ৬নং ৱাৰ্ডত। অধিক মদ্যপান কৰাত মৃত্যু হোৱাৰ সন্দেহ ৰে’ল আৰক্ষীৰ। মৃতদেহটো মৰোনত্বৰ পৰীক্ষা কৰাৰ পিছত পৰিয়ালৰ লোকক চমজাই দিয়া হ’ব বুলি ৰে’ল আৰক্ষীৰ লোকে জানিব দিয়ে।












