অজন্তা তালুকদাৰ:
বোকাখাত : বোকাখাত মহকুমাৰ দ্বিতীয়জন কভিড আক্ৰান্ত ৰোগীৰ মৃত্যুৰ খবৰে মহকুমাটোত গভীৰ শোকৰ ছাঁ পেলাইছে। বোকাখাত নগৰৰ নিচেই সমীপৰ ৰজাবাৰীৰ বিশিষ্ট সমাজকৰ্মী লোকেশ্বৰ বৰাৰ (৭০) যোৱা ১০ ছেপ্তেম্বৰৰ নিশা কভিড আক্ৰান্ত হৈ মৃত্যু ঘটে। যোৱা ৯ ছেপ্তেম্বৰত জ্বৰত আক্ৰান্ত হোৱা বৰাক কভিড পৰীক্ষা কৰোৱাত কভিড পজিটিভ ধৰা পৰে।
বোকাখাত শ্বহীদ কমলা মিৰি অসামৰিক চিকিৎসালয়ৰ পৰা কভিড চিকিৎসাৰ বাবে বৰাক গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ কভিড হাস্পটাললৈ প্ৰেৰণ কৰা হয়। ১০ ছেপ্তেম্বৰৰ নিশা হঠাতে উশাহ লোৱাত কষ্ট হোৱাত ততাতৈয়াকৈ গোলাঘাটৰ পৰা যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ কভিড চিকিৎসালয়লৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰে যদিও যোৰহাটৰ চিকিৎসালয়ত জৰুৰী চিকিৎসা প্ৰদানৰ যোঁ-জা চলাই থকা অৱস্থাতে স্বাস্থ্যৰ অধিক অৱনতি ঘটে আৰু তেনে অৱস্থাতে চিকিৎসকে বৰাক মৃত ঘোষণা কৰে।
বৰাৰ ঘনিষ্ঠ সংস্পৰ্শত থকা জ্যেষ্ঠ ভাতৃ তথা ডিফলু পথাৰ হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক পোনা বৰাৰো কভিড পজিটিভ ধৰা পৰে। উল্লেখ্য যে সুস্থ অৱস্থাৰে কেঞ্চাৰ ৰোগী পত্নীৰ চিকিৎসাৰ বাবে দিল্লীলৈ গৈ যোৱা মে’ মাহত কভিড আক্ৰান্ত হৈ দিল্লীত মৃত্যু কৰা বোকাখাতৰ অজিত শইকীয়া আছিল বোকাখাত মহকুমা তথা গোলাঘাট জিলাৰে প্ৰথমজন কভিড ৰোগী।
পৰৱৰ্তী সময়ত স্বগৃহতে থাকি কভিড আক্ৰান্ত হৈ মৃত্যু ঘটিছিল বোকাখাতৰ ৰুবুল আলিৰ। স্বগৃহতে থাকি মৃত্যু বৰণ কৰা লোকেশ্বৰ বৰা হ’ল মহকুমাটোৰ দ্বিতীয়জন কভিড ৰোগী। বৰাৰ পত্নীৰো কভিড পৰীক্ষা কৰা হৈছিল যদিও তেওঁ কভিডমুক্ত বুলি ফলাফল আহে। বৰ্তমান বৰাৰ মৃত্যুত পত্নীগৰাকী মানসিকভাৱে অতিশয় ভাগি পৰাত স্বাস্থ্যৰ অধিক অৱনতি ঘটিছে বুলি পৰিয়ালসূত্ৰে জানিব পৰা গৈছে। বৰাই পত্নীৰ লগতে দুই কন্যা, দুই জোঁৱাই, নাতি-নাতিনী আৰু অলেখ গুণমুগ্ধক এৰি থৈ গৈছে।
সৰবৰহী আৰু জনপ্ৰিয় সমাজকৰ্মী গৰাকীৰ মৃত্যুত সমগ্ৰ অঞ্চলতে শোকৰ ছাঁ পৰিছে। আনহাতে এই বাতৰি লিখা পৰ্যন্ত বোকাখাত মহকুমাত মুঠ কভিড আক্ৰান্তৰ সংখ্যা প্ৰায় ৯০০ হৈছে বুলি মহকুমা কভিড নডেল বিষয়া ডাঃ সমীপ জ্যোতি বৰাৰ পৰা জানিব পৰা গৈছে। আজিৰ দিনটোত বোকাখাতত কভিড আক্ৰান্ত হৈছে ২৫ জন।
তাৰে দুজনক নুমলীগড় শোধনাগাৰ নগৰাঞ্চলৰ বি কে বি স্কুল অৱ নাৰ্চিঙৰ কভিড কেয়াৰ কেন্দ্ৰত চিকিৎসাৰ বাবে ভৰ্তি কৰোৱা হৈছে আৰু অধিকাংশ কভিড আক্ৰান্ত ৰোগী হোম কোৱাৰেণ্টাইনত থাকিয়েই চিকিৎসাধীন হৈছে বুলিও চিকিৎসা বিষয়া গৰাকীৰ পৰা জানিব পৰা গৈছে ।













