ষ্টাফ ৰিপ’ৰ্টাৰ:
বোকাখাত : ছাত্ৰ-ছাত্ৰীৰ বাবে গণিতক এক দুৰুহ বিষয়ৰ পৰা সৰল বিষয়লৈ পৰ্যবসিত কৰাৰ চেষ্টা হিচাপে নুমলীগড় উচ্চ মাধ্যমিক বিদ্যালয়ৰ উদ্যোগত যোৱা ১০ছেপ্তেম্বৰত প্ৰাথমিক পৰ্যায়ৰ গণিত শিক্ষকৰ অন লাইন কৰ্মশালা অনুষ্ঠিত হয়। নুমলীগড় আৰু কমাৰগাঁও ক্লাছটাৰৰ শিক্ষকৰ লগতে আন শিক্ষকেও যেগদান কৰা কৰ্মশালা উদ্বোধন কৰে সদৌ অসম প্ৰাথমিক শিক্ষক সন্মিলনৰ সভাপতি জীৱন বৰাই।
বোকাখাত খণ্ড প্ৰাথমিক শিক্ষা বিষয়া বৰ্মন টেৰনে মুখ্য অতিথি হিচাপে অংশ গ্ৰহন কৰা কৰ্মশালাত সমলব্যক্তি হিচাপে অংশগ্ৰহণ কৰে গোলাঘাট চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক সমীৰজ্যোতি মেধী, নুমলীগড় উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী গায়ত্ৰী কোঁৱৰ সন্দিকৈ আৰু জ্যোতিশিৰ্ষা বৰাই।
কৰ্মশালাৰ আঁতধৰে নুমলীগড় উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক মহেন শইকীয়াই। তিনি কুৰি শিক্ষকে অংশ গ্ৰহণ কৰা কৰ্মশালাত গণিত পাঠদানৰ জটিল সমস্যাৰ বিষয়ে আলোচনাৰ লগতে শিক্ষকে ঐক্যবদ্ধভাৱে কাম কৰিলে শিক্ষাৰ জটিল সমস্যা লাঘৱ কৰিব পাৰি বুলি মত পোষণ কৰে অংশগ্ৰহণকাৰী গণিত শিক্ষক সকলে। এনে কৰ্মশালাৰ আয়োজনৰ বাবে গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শক ড° সমীৰন বৰাই আন্তৰিক শলাগ জ্ঞাপন কৰে।













