ষ্টাফ ৰিপ’ৰ্টাৰ:
নগাঁও : ড্ৰাগছ তথা অবৈধভাবে নিচাযুক্ত দ্ৰৱ্যৰ বেহা কৰা সকলৰ বিৰুদ্ধে কঠোৰহৈ পৰিছে অসম আৰক্ষী তথা চৰকাৰৰ গৃহ বিভাগ পোন প্ৰথমবাৰৰ বাবে অসম চৰকাৰে নিচাযুক্ত দ্ৰব্য ব্যৱসায় আৰু সৰবৰাহৰ লগত জড়িত অপৰাধীক আটক কৰিবৰ বাবে পিআইটি এনডিপিএস আইন ১৯৮৮ ৰ অধীনত এক নিৰ্দেশ জাৰি কৰিছে।
এই নিৰ্দেশ নগাঁও জিলাত প্ৰথম ৰূপায়ন হৈছে।আজি নগাঁও জিলাৰ আৰক্ষী অধীক্ষকে এখন সংবাদমেলত এই কথা সদৰি কৰে।উল্লেখযোগ্য যে নগাওঁ পুলিচে নগাওঁ ৰেল ষ্টেচনৰ ওচৰৰ পৰা অনুৱাৰা বেগম ওৰফে টাকানি নামৰ এগৰাকী ড্ৰাগছ সৰবৰাহকাৰীক কিছুদিন পূৰ্বে এক বৃহৎ পৰিমাণৰ ড্ৰাগছৰ সৈতে গ্ৰেপ্তাৰ কৰিছিল।
এই সম্পৰ্কত নগাঁও আৰক্ষী থানাত ২৯৮১/২০ নম্বৰত আৰু ২৫/২০ নম্বৰত গোচৰ ৰুজু হৈছিল।সম্প্ৰতি কাৰাগাৰত আছে অনুৱাৰা বেগম।অসম চৰকাৰৰ গৃহ বিভাগৰ এই নতুন নিৰ্দেশ মৰ্মে সহজতে কাৰাগাৰৰ পৰা মুকলি হব নোৱাৰিব অনুৱাৰা বেগম।যাৰ ফলত এনে ড্ৰাগছ ব্যৱসায়ীৰ দ্বাৰা নগাঁৱত চলি থকা ড্ৰাগছ সৰবৰাহকাৰী চক্ৰ ধ্বংস হব।
অনুৱাৰা বেগমৰ বিৰুদ্ধে এই পদক্ষেপ জাৰি কৰি ৰাজ্যখনৰ ভিতৰতে প্ৰথম বাৰৰ বাবে নগাওঁ পুলিচ সফল হৈছে বুলি সংবাদমেলত মন্তব্য কৰে নগাঁও জিলাৰ আৰক্ষী অধীক্ষক অভিজিৎ গৌৰৱ দিলীপে।জিলাখনৰ লগতে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত নিচাযুক্ত দ্ৰব্যৰ ব্যৱসায় তথা সৰবৰাহৰ লগত জড়িত অন্য সৰবাৰাহকাৰীৰ সকলৰ ক্ষেত্ৰতো একেই পন্থা অসম আৰক্ষীয়ে গ্ৰহণ কৰিব বুলি আৰক্ষী অধীক্ষকজনে সদৰি কৰে ।













