ষ্টাফ ৰিপ’ৰ্টাৰ:
বোকাখাত : সম্প্ৰতি কভিডৰ আতংকৰ গ্ৰাসত হঠাৎ ৰোগী-শূন্য হৈ পৰিল বোকাখাতৰ শ্বহীদ কমলা মিৰি অসামৰিক চিকিৎসালয় ৷ সকলো সময়তে ৰোগী আৰু চিকিৎসকে গিজগিজাই থকা চিকিৎসালয় খনৰ পৰা নাইকীয়া হল ৰোগী।
শুক্ৰবাৰে কৰা কভিড পৰীক্ষাৰ ফলাফলত চিকিৎসালয় খনৰ ডাঃ অজিত দলৈ, এক্সৰে সহযোগী ৰমেন গগৈ, ৱাৰ্ড বয় দিলীপ শৰ্মা, চালক বিপিন তাঁতী, MPW বিকাশ বৰা, BPM দিবাকৰ হাতীবৰুৱা সহ ৫ গৰাকী নাৰ্চৰ সৈতে মুঠ ১১ গৰাকী কভিডত আক্ৰান্ত বুলি জানিব পৰা গৈছে।
ইতিমধ্যে চিকিৎসালয়খনৰ পৰা সকলো ৰোগীক ৰিলিজ কৰি নিজ গৃহলৈ যোৱাৰ অনুমতি প্ৰদান কৰিছে মহকুমা চিকিৎসা বিভাগে আৰু অহা তিনিদিনৰ বাবে চিকিৎসালয়খন সাধাৰণ ৰোগীৰ বাবে বন্ধ কৰি দিছে ৷ অৱশ্যে জৰুৰীকালীন সেৱা সমূহ চলি থাকিব বুলি জনাইছে চিকিৎসা বিষয়াই ৷
আনহাতে কভিডত আক্ৰান্ত হৈ বোকাখাত মহমাইকী গাঁৱৰ অৰূপ শইকীয়া( ৬৭)ৰ আজি যোৰহাট মেডিকেল কলেজ হস্পিতালত মৃত্যু হৈছে ৷ মধুমেহ ৰোগত আক্ৰান্ত শইকীয়াক ১০ ছেপ্তেম্বৰত চিকিৎসালয়ত ভৰ্তি কৰে যদিও তেওঁৰ কভিড পজিটিভ আহে আৰু চিকিৎসাধীন অৱস্থাতেই মৃত্যু হয় ৷
ইয়াকে লৈ বৰ্তমান বোকাখাত মহকুমাত কভিড আক্ৰান্ত হৈ মৃত্যুৰ মুখত পৰা লোকৰ সংখ্যা তিনি হৈছে। উল্লেখ্য যে বোকাখাতৰ অজিত শইকীয়া দিল্লীত কভিড আক্ৰান্ত হৈ যোৱা মে’ মাহত দিল্লীতে মৃত্যু মুখত পৰিছিল। মহকুমাটোত থাকি কভিড আক্ৰান্ত হৈ মৃত্যু হোৱা ৰুবুল আলি আৰু লোকেশ্বৰ বৰাৰ পাছত অৰূপ শইকীয়া তৃতীয়জন ব্যক্তি।













