ষ্টাফ ৰিপ’ৰ্টাৰ:
সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ গৰ্ভৰ জন্ম পাব লগা ৰাজনৈতিক দলৰ আহ্বায়ক সমিতিত থাকিব সদ্য পদত্যাগী আছু কেন্দ্ৰীয় উপ- সভাপতি চিত্ৰৰঞ্জন বসুমতাৰী আৰু মুখ্য সাংগঠনিক সম্পাদক ৰাজু ফুকন।
অহা ১৫ ছেপ্টেম্বৰত নতুন ৰাজনৈতিক দলটোৰ পূৰ্ণ পৰ্যায়ৰ আহ্বায়ক সমিতি ঘোষণা কৰিব।ইতিমধ্যে মুখ্য আহ্বায়ক হিচাপ আছু-যুৱ ছাত্ৰ পৰিষদে ডক্টৰ কৃষ্ণ গোপাল ভট্টাচাৰ্য আৰু বসন্ত ডেকাক দায়িত্ব অৰ্পণভাৰ অৰ্পণ কৰিছে।উল্লেখ ৰাজনৈতিক দলটোৰ ২১ জনীয়া আহ্বায়ক সমিতি গঠন হ’ব।
গুৰুত্বপূৰ্ণ কথা এই যে আছু সদস্য দুগৰাকী উপৰিও আহ্বায়ক সমিতিত থাকিব যুৱ ছাত্ৰ পৰিষদৰ দুজন সদস্য দ্বীপক হাজৰিকা আৰু চন্দন সন্দিকৈ।
আছু দুলীয়াজান অধিৱেশনৰ পাছতে ঘোষণা হ’ব পুৰ্ণাংগ দলটো নাম।ইতিমধ্যে দলটো পতাকা, চিহ্ন তথা সভাপতি চুড়ান্ত হৈছে-আছু এক শীৰ্ষ সূত্ৰই এই কথা প্ৰকাশ কৰিছে।













