অজন্তা তালুকদাৰ:
বোকাখাত : লক-ডাউনে স্থবিৰ কৰি তোলা সামাজিক, সাংস্কৃতিক পৰিবেশক পুনৰ উজ্জীৱিত কৰি তুলি কাজিৰঙা নিউজ নেটৱৰ্ক আৰু বোকাখাতৰ পৰা প্ৰকাশিত ৰাইজৰ খবৰ সাপ্তাহিক কাকতৰ উদ্যোগত বোকাখাত নাট্যমন্দিৰত আন-লক পৰ্যায়ত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ল এক অনন্য অন্তৰংগ অনুষ্ঠান।
কাজিৰঙা নিউজ নেটৱৰ্ক, চমুকৈ কে এন এনৰ দ্বাৰা পৰিচালিত, বোকাখাতৰ সাংবাদিকৰ প্ৰচেষ্টাত গঢ়ি উঠা ৱেব-প’ৰ্টেল ‘বোকাখাত লাইভ’ৰ উদ্যোগত বিষ্ণুৰাভা দিৱসৰ সৈতে সংগতি ৰাখি লক-ডাউনৰ কালছোৱাত অনুষ্ঠিত কৰা বিষ্ণু ৰাভাৰ গীতৰ অনলাইন প্ৰতিযোগিতা আৰু ৰাইজৰ খবৰ কাকতে অনুষ্ঠিত কৰা ৰচনা প্ৰতিযোগিতাৰ বঁটা প্ৰদান অনুষ্ঠান বোকাখাত নাট্যমন্দিৰত অনুষ্ঠিত কৰা হয়।
ৰূপজ্যোতি ভড়ালীয়ে আঁত ধৰা অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অংশ গ্ৰহণ কৰি বক্তব্য আগবঢ়ায় সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ কাৰ্যকৰী সভানেত্ৰী সূৱৰ্ণ শইকীয়া বৰদলৈ, অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা, জ্যেষ্ঠ সাংবাদিক বুবুল দত্ত, কল্পতৰু একাডেমীৰ অধ্যক্ষ ৰাতুল শৰ্মা আদিয়ে বক্তব্য আৰু স্বৰচিত কবিতা পাঠ কৰে গোলাঘাট জিলা কবি সন্মিলনৰ উপ-সভাপতি মিনতি দলে, বিশিষ্ট কবি তথা সমাজকৰ্মী দেৱপ্ৰদীপ বৰা, বিশিষ্ট কবি মুহি শইকীয়া আৰু বোকাখাত মহকুমা কবি সন্মিলনৰ সম্পাদক মনালিছা শইকীয়াই।
অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ৮৯ সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৰাজ্যিক বাৰ্ষিক অধিবেশনৰ আদৰণী সমিতিৰ সভাপতি ধৰ্মেশ্বৰ হাজৰিকা আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বোকাখাত জিলা সমিতিৰ সাধাৰণ সম্পাদক দ্বিজেন্দ্ৰ নাথ ৰাজখোৱা। অনুষ্ঠানত নতুন প্ৰজন্মৰ শিল্পীসকলে সাংস্কৃতিক অনুষ্ঠানৰ পৰিৱেশন কৰে। অনুষ্ঠানত সংগীত পৰিৱেশন কৰে ক্ৰমে প্ৰাসংগিকা মহন্ত, সংগীতা দেৱী, প্ৰজ্ঞাছায়া কাশ্যপ আৰু অনুৰণন গোস্বামীয়ে, নৃত্য পৰিৱেশন কৰে অৰ্চিতা গগৈ আৰু বাসৱী শ্ৰীময়ীয়ে।
উল্লেখ্য যে লক-ডাউনৰ কালচোৱাত অনুষ্ঠিত বিষ্ণুৰাভা সংগীতত প্ৰথম স্থান লাভ কৰে ক্ৰমে অংকিতা দেৱী আৰু প্ৰাসঙ্গিকা মহন্ত, দ্বিতীয় স্থান লাভ কৰে ক্ৰমে প্ৰজ্ঞাছায়া কাশ্যপ আৰু অনুৰণ গোস্বামী আৰু তৃতীয় স্থান লাভ কৰে ক্ৰমে স্নেহা প্ৰীয়দৰ্শিনী আৰু গংগোত্ৰী গগৈয়ে। ৰাইজৰ খবৰ কাকতৰ উদ্যোগত অনুষ্ঠিত কৰ’ণা ভাইৰাচ শীৰ্ষক ৰচনা প্ৰতিযোগিতাত অষ্টমৰ পৰা একাদশ শ্ৰেণীৰ মাজত প্ৰথম স্থান লাভ কৰে হৃষিতা বৰাই, দ্বিতীয় অনামিকা চিন্তেই আৰু তৃতীয় স্থান লাভ কৰে ভাস্বতী প্ৰিয়দৰ্শিনীয়ে।
অনুষ্ঠানত বোকাখাতৰ বিদায়ী মহকুমাধিপতি বিবেক শ্যাম, ২০২০ বৰ্ষৰ অসম চৰকাৰৰ সাহিত্যিক পেঞ্চন প্ৰাপক অপূৰ্ব বৰদলৈ, ভাৰত চৰকাৰৰ ২০২০ বৰ্ষৰ ৰাষ্ট্ৰপতিৰ সাহসিকতা বঁটা প্ৰাপক অনুপম গোৱালা, ২০২০ বৰ্ষৰ অসম চৰকাৰৰ শিল্পী পেঞ্চন প্ৰাপক ধনেশ্বৰ শইকীয়া, ২০২০ বৰ্ষৰ অসম চৰকাৰৰ শিল্পী পেঞ্চনা প্ৰাপক ভলৌ হাজৰিকাক কে এন এনৰ তৰফৰ পৰা সম্বৰ্দ্ধনা জনোৱা হয়।
অনুষ্ঠানত কে এন এনৰ বিভিন্ন দায়িত্বত থকা বিভাগীয় সদস্য সকলক আনুষ্ঠানিকভাৱে পৰিচয় কৰি দিয়া হয়। বঁটা প্ৰদান অনুষ্ঠান পৰিচালনা কৰে কে এন এনৰ মুখ্য সচীব প্ৰদ্যুত মহন্তই। আজিৰ অনুষ্ঠানত কে এন এন, ৰাইজৰ খবৰ কাকতৰ বিষয় ববীয়া, সদস্য সকলৰ লগতে সংবাদ প্ৰতিষ্ঠান দুটাৰ লগত জড়িত বোকাখাতৰ বহুকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশ গ্ৰহণ কৰে।














