ষ্টাফ ৰিপ’ৰ্টাৰ:
নগাঁও : নগাঁও জিলাৰ ননৈ আৰক্ষী পহৰা চকীৰ অন্তৰ্গত ননৈ পেট্ৰল পাম্পৰ সন্মুখত আজি পুৱা সংঘটিত এক পথ দুৰ্ঘটনাত পথৰ ওপৰতে বাগৰি পৰে মেঘালয়ৰ শক্তিমন্ত্ৰী জেমচ চাংমাৰ কনভয়ৰ এখন গাড়ী।
জানিব পৰা মতে, মেঘালয়ৰ মন্ত্ৰী গৰাকীৰ কনভয়ৰ লগত তীব্ৰবেগত অহা আৰক্ষীৰ এম এল ০২ – ৫৫২২ নম্বৰৰ বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই পথত ৰৈ থকা এখন ট্ৰাকত খুন্দা মাৰি পথৰ ওপৰতে বাগৰি পৰাৰ ফলতে দুৰ্ঘটনাটো সংঘটিত হয়।
ফলত আৰক্ষীৰ এগৰাকী উপ পৰিদৰ্শকৰ লগতে তিনি গৰাকী কনিষ্টবল আহত হয়। পিছত আহত কেইজনক নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।আহত কেইগৰাকী বিপদমুক্ত বুলি জানিব পৰা গৈছে।
অৱশ্যে উক্ত দুৰ্ঘটনাত মেঘালয়ৰ শক্তি মন্ত্ৰী জেমচ চাংমাইৰ কোনো ধৰনৰ ক্ষতি হোৱা নাই । উল্লেখ্য, ডিমাপুৰৰ পৰা গুৱাহাটী দিশে অভিমুখে গৈ থকাৰ অৱস্হাত কনভয়ৰ গাড়ীখন ননৈত দুৰ্ঘটনাত পতিত হয়।













