ষ্টাফ ৰিপ’ৰ্টাৰ:
বিজেপিক উৎখাত আৰু কংগ্ৰেছ- এআইউদিএফক প্ৰতিহত কৰা বাবে সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতৃত্বত গঠন হ’ব লগা নতুন ৰাজনৈতিক দলত কৃষক মুক্তি সংগ্ৰাম সমিতি চামিল হোৱাটো প্ৰায় নিশ্চিত।দেওবাৰে আছু সাধাৰণ সম্পাদক লুৰিন জ্যোতি গগৈয়ে কৃষক মুক্তিৰ সংগ্রাম সমিতিৰ সৈতে ঐক্যবদ্ধ হোৱাৰ ইংগিত প্ৰদান কৰে।
গুৱাহাটীৰ পানবজাৰৰ এখন হোটেলত আহ্বায়ক সমিতিৰ এক বৈঠক অনুষ্ঠিত হোৱা সময়ত আছু সাধাৰন সম্পাদক গৰাকীয়ে কয়- জাতীয়তাবাদী শিবিৰসমূহ ৰাজনৈতিক ভাৱে ঐক্যবদ্ধ হ’বই লাগিব।পৰামৰ্শদাতা কমিটিয়ে সেই কথা উল্লেখ কৰিছে।
জাতীয়তাবাদী শিবিৰৰ ভোট সমূহ যাতে বিভাজন নহয়।একে স্থানতে পৰিব লাগিব বিজেপি, কংগ্ৰেছ আৰু এআইইউদিএফক প্ৰতিহত কৰা বাবে- লুৰিনে কয়।
উল্লেখ কৃষক মুক্তি সংগ্রাম সমিতি নেতা অখিল গগৈয়ে জেলৰ পৰাই সকলোকে ঐক্যবদ্ধ হোৱা আহ্বান জনাইছিল।তাৰ মাজতে আছুৰ সম্পাদক গৰাকীৰ এই মন্তৱ্যই নিশ্চিত কৰিছে কৃষক মুক্তিৰ সৈতে মিত্ৰতা হোৱা কথা।













