ষ্টাফ ৰিপ’ৰ্টাৰ:
জল্পনা-কল্পনা অৱসান ঘটাই সোমবাৰে ঘোষণা হ’ব আছু- যুৱ ছাত্ৰ পৰিষদৰ নতুন ৰাজনৈতিক দলৰ নাম।মুখ্য আহ্বায়ক ডক্টৰ কৃষ্ণ গোপাল ভট্টাচাৰ্য , বসন্ত ডেকাই গুৱাহাটী এখন হোটেলত এক সংবাদমেল যোগে ঘোষণা কৰা সম্ভাৱনা আছে দলটোৰ নাম।ৰাজনৈতিক দলটো পূৰ্ণ আহ্বায়ক সমিতিৰ তালিকা সোমবাৰে প্ৰকাশ কৰিব মুখ্য আহ্বায়কদ্ধয়।
উল্লেখ ২১ জনীয়া আহ্বায়ক সমিতিত কোন কোন থাকিব ইতিমধ্যে চুড়ান্ত হৈছে।আছু সদ্য পদত্যাগী দুই নেতা চিত্ৰৰঞ্জন বসুমতাৰী, ৰাজু ফুকন থাকিব কমিটিত। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পৰা থাকিব পলাশ ৰঞ্জন বৰুৱা, দীপক হাজৰিকা, বিশ্বজিৎ টিপমীয়া।চৰ্চাত আছে চন্দন সন্দিকৈ নাম।ইয়াৰ উপৰিও আহ্বায়ক সমিতিত থাকিব অদীপ ফুকন, জগদীশ ভূঞা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম গৰাকী মহিলা সভানেত্ৰী লাকীমণি বৰুৱা, হৰেন চুতীয়া, অধিবক্তা জান বৰুৱা, বীৰেশ্বৰ মেধি নাম থাকিব।
গুৰুত্বপূৰ্ণ কথা এই যে খবৰ অনুসৰি নতুন ৰাজনৈতিক দলটোৰ নাম হ’ব পাৰে “অসম আঞ্চলিক পৰিষদ”।
আজি গুৱাহাটীত মুখ্য আহ্বায়ক দ্বয় আৰু একাংশ সদস্য দলটো সংবিধানৰ খচৰা সন্দৰ্ভত আলোচনা কৰা লগতে সংগঠনটো আগবঢ়াই নিয়াৰ ৰণনীতি ঘোষণা কৰে।সোমবাৰে পুনৰ বৈঠকত মিলিত হৈ দুপৰীয়া ভাগত ঘোষণা হ’ব বহু প্ৰত্যাশিত দলটোৰ নাম।













