জিতেন বৰকটকী:
নগাঁও : সংস্কৃত গীতৰ বিশিষ্ট শিল্পী,’ৰাষ্ট্ৰীয় সংস্কৃত গীতিকবি’ সন্মানেৰে সন্মানিত ৰঞ্জন বেজবৰুৱাক আজি নগাঁও জিলা সংস্কৃত ভাষা বিকাশ মঞ্চৰ এক বিশেষ সভাত সম্বৰ্ধনা জনোৱা হয়।
ৰাষ্ট্ৰীয় পৰ্যায়ত সংস্কৃত ভাষাত গীত গাই ভাৰতীয় ভাষা আৰু সংগীত উভয়ৰে মহিমা প্ৰচাৰ কৰা ব্যতিক্ৰমী শিল্পী বেজবৰুৱাৰ কৰ্ম আৰু গুণৰজি বিশ্লেষণ কৰি মঞ্চৰ সভাপতি অধ্যাপক গুণ শইকীয়া, সাধাৰণ সম্পাদক ড: ধৰ্মেশ্বৰ গোস্বামী, কুশল শৰ্মা, সত্যপ্ৰসাদ শৰ্মা, খগেন নাথ, ইব্ৰাহিম আলি, হৰেন শৰ্মা প্ৰমুখ্যে ভালে কেইজন ব্যক্তিয়ে অভিমত আগবঢ়ায়।
উল্লেখ্যোগ্য যে অসমত সংস্কৃত ভাযা আৰু ভাৰতীয় সংস্কৃতি প্ৰচাৰৰ অগ্ৰণী অনুষ্ঠান নগাঁও জিলা সংস্কৃত ভাষা বিকাশ মঞ্চৰ কুৰি বছৰীয়া গৌৰৱময় যাত্ৰাত- সভাৰ পত্ৰিকা আৰু সাংস্কৃতিক সম্পাদক ৰঞ্জন বেজবৰুৱাৰ এই ৰাষ্ট্ৰীয় স্বীকৃতি ভাষা বিকাশ মঞ্চ আৰু নগাঁও তথা অসমৰ সাংস্কৃতিক ক্ষেত্ৰলৈকো অন্যতম সংযোগ বুলি সকলোৱে একমুখে স্বীকাৰ কৰে।













