নিউজ ডেক্স:
ৰাজ্যত পুনৰ ক’ৰোনামুক্ত হৈছে ১৯১৮ গৰাকী ব্যক্তি। বিগত ২৪ ঘন্টাত ১৯১৮ গৰাকী কোভিড-১৯ ৰোগীয়ে সুস্থ হৈ চিকিৎসালয়ৰ পৰা যাবলৈ অনুমতি লাভ কৰিছে ৷ টুইট যোগে এই কথা সদৰী কৰে ড° হিমন্ত বিশ্ব শৰ্মাই।
আনহাতে যোৱা ২৪ ঘন্টাত ৰাজ্যত ৩২২৪২ টা পৰীক্ষা সম্পাদন কৰাৰ পিছত নতুনকৈ ২৪০৩ গৰাকী লোক কোভিড-১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷ চিনাক্তসকলৰ ভিতৰৰ ৫৩৮জন কামৰূপ মেট্ৰ, ১৮৩জন ডিব্ৰুগড়, ১৮২জন লখিমপুৰ, ১৭৫জন যোৰহাট, ১১৮জন গোলাঘাটৰ। আক্ৰান্তৰ হাৰ ৭.৪৫ শতাংশ ৷
বৰ্তমানলৈ অসমত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ১,৪৪১৬৬ জনলৈ বৃদ্ধি পাইছে । ৰাজ্যত সম্প্ৰতি ২৮৬৩০ গৰাকী চিকিত্সাধীন হৈ থকাৰ বিপৰীতে আৰোগ্য হৈ উঠিছে ১,১৫০৫১ গৰাকী ব্যক্তি।উল্লেখ্য যে ৰাজ্যত বিয়োগ হোৱা লোকৰ সংখ্যাও ৪৮২গৰাকীলৈ বৃদ্ধি পালে।













