অজন্তা তালুকদাৰ:
বােকাখাত : অসম চৰকাৰৰ কৃষি, পশু-পালন ও পশু-চিকিৎসা, স্বৰঃ উদ্যান শস্য আৰু খাদ্য সংশাধন বিভাগৰ মাননীয় মন্ত্রী তথা বােকাখাত সমষ্টিৰ মাননীয় বিধায়ক অতুল বৰাই সোমবাৰে বোকাখাত মহকুমাধিপতিৰ কার্যালয়ত আয়ােজিত এক অনুষ্ঠানত হিতাধিকাৰীসকলৰ মাজত টিনপাট, চিলাই মেচিন, স্প্রে-মেচিন আৰু মাটিমাহৰ বীজ বিতৰণ কৰে।
বােকাখাত মহকুমা কল্যান বিভাগৰ দ্বাৰা আয়ােজিত এই অনুষ্ঠানত কৃষি মন্ত্রী তথা স্থানীয় বিধায়কগৰাকীয়ে প্রতীকি ভাবে অনুসূচিত জাতি তথা অন্যান্য পিছপৰা শ্রেনীৰ দুগৰাকীকৈ হিতাধিকাৰীক টিনপাট আৰু চিলাই মেচিন বিতৰণ কৰে।
উল্লেখযােগ্য যে, বােকাখাত মহকুমা কল্যান বিভাগৰ দ্বাৰা অনুসূচিত জাতিৰ ৪৪ আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ ১৭৩ গৰাকী হিতাধিকাৰীক টিনপাট আৰু অনুসূচিত জাতিৰ ৫২ আৰু অন্যান্য পিছপৰা শ্রেণীৰ ১০০ গৰাকী মহিলা হিতাধিকাৰীক চিলাই মেচিন বিতৰণ কৰা হ’ব।
উল্লেখযােগ্য যে, কৃষি মন্ত্রী অতুল বৰাৰ প্রচেষ্ঠাত সমগ্র মহকুমাতে কৃষক ৰাইজৰ সুবিধাৰ বাবে ২২০০ টা স্প্রে-মেচিন আৰু ৭০ কুইণ্টল মাটামাহৰ বীজ বিতৰণ কৰা হব। উক্ত অনুষ্ঠানতে কৃষি মন্ত্ৰী গৰাকীয়ে প্রতিকী ভাবে দুজনকৈ হিতাধীকাৰীক কৃষি বিভাগৰ তৰফৰ পৰা স্প্রে-মেচিন আৰু মাটীমাহৰ বীজো বিতৰণ কৰে। ইয়াৰ পাছতে মন্ত্রীগৰাকীয়ে কৃষি বিভাগ আৰু বাকাখাত মহকুমা প্রশাসনৰ দ্বাৰা নির্মিত “উদ্যান আলােক” নামৰ এখনি তথ্যচিত্র শুভ উন্মােচন কৰে ।