ক্ষমতালৈ অহাৰ পিছৰ পৰাই উত্তৰ প্রদেশৰ একাধিক স্থানৰ নাম সলাইছে মুখ্যমন্ত্রী যোগী আদিত্য নাথে। ইয়াকে লৈ বিভিন্ন মহলত তীব্র প্রতিবাদো হৈছে। কিন্তু মত সলনি হোৱা নাই উত্তৰ প্রদেশৰ মুখ্যমন্ত্রীৰ। এইবাৰ পুনৰ তেওঁ নাম সলনি কৰি আগ্রাত নির্মীয়মাণ মোগল মিউজিয়াম মাৰাঠা বীৰ ছত্রপতি শিৱাজীৰ নামত নামাঙ্কিত কৰাৰ সিদ্ধান্ত লৈছে।
এই বিষয়ত চৰকাৰী বিবৃতিও দিয়া হৈছে।ইয়াৰ মাজতে শুনা গৈছে তাজমহলৰ নামো পৰিবর্তন কৰিব পাৰে যোগী প্রশাসনে।২০১৫ চনত আগ্রাত তাজমহলৰ কাষতেই এটি মিউজিয়াম নিৰ্মাণৰ পৰিকল্পনা কৰে অখিলেশ যাদৱ চৰকাৰে। নির্মাণ আৰম্ভ হয় ২০১৬ চনত। তাজমহলৰ পূবৰ গে’টত নির্মীয়মাণ মিউজিয়ামটোত মোগল সংস্কৃতি, মোগল আমোলৰ বস্তু-বাহিনী, ছবি, খাদ্য, ৰীতি-নীতি, অস্ত্র আৰু অন্যান্য বিষয়ক প্রদর্শন কৰা হ’ব বুলি থিৰাং কৰা হৈছিল।
মোগলসকলক লৈ নিৰ্মাণ কৰা মিউজিয়ামটোৰ নাম ৰখা হৈছিল মোগল মিউজিয়াম। সেই মিউজিমায়মটোৰে নাম পৰিবর্তনৰ সিদ্ধান্ত লৈছে যোগী আদিত্যনাথ চৰকাৰে।
মোগল মিউজিয়ামৰ নাম সলনি কৰাৰ লগে লগেই ৰাজনৈতিক যুদ্ধ আৰম্ভ হৈছে উত্তৰ প্রদেশত। এইবাৰ দেশৰ বিখ্যাত তথা বিশ্ব ঐতিহ্যৰ নিদর্শনত স্থান পোৱা তাজমহলৰ নাম সলনি কৰাৰ দাবী উঠিছে।
তাজমহলৰ নাম সলনি কৰাৰ পিছত যুক্তিও দিয়া হৈছে। উত্তৰ প্রদেশৰ গোসেৱা আয়োগৰ নেতা ভোলে সিঙৰ দাবী, এইবাৰ চৰকাৰে তাজমহলৰ নাম সলনি কৰি তেজোলয় কৰিব লাগিব। তেওঁ তাজমহলক ভগৱান শিৱৰ প্রাচীন মন্দিৰ বুলি দাবী কৰি সেইটোৰ নাম সলোৱাৰ কথা কয়।
ভোলে সিঙে কয়, তাজমহল আদিকালত শিৱ মন্দিৰ আছিল। এইটো ইতিহাসৰ খুব কঠিন এটি সত্য। তেওঁৰ দাবী, তেজোলয়ৰ ওপৰত মুছলিম শাসকসকলে ইছলামিক স্থাপত্য নিৰ্মাণ কৰে। ভোলে সিঙে লগতে কয়, আজিও তাজমহলত পানীৰ টোপাল পৰে, আৰ সেই পানী ক’ৰ পৰা পৰে সেইটো বিজ্ঞানীসকলেও জানিব পৰা নাই।