ষ্টাফ ৰিপ’ৰ্টাৰ:
ডিফু : যোৱা ৮ ছেপ্টেম্বৰত ডিমাপুৰ বাৰ্মা কেম্পৰ ইউএনবি কলনিৰ ভঙা-ছিঙা লোহা-লক্কৰৰ দোকানত সংঘটিত আকষ্মিক বোমা বিষ্ফোৰণত হতাহতৰ পৰিয়াল বৰ্গলৈ কিছু আৰ্থিক সাহায্য আগবঢ়াইছে সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থাৰ কাৰবি আংলং জিলা সমিতিয়ে ৷
আজি আমছুৰ কাৰবি আংলং জিলা সমিতিৰ সভাপতি মাজিদ খানৰ নেতৃত্বত লাহৰিজান, দুদুকলনি আৰু বালিজান আঞ্চলিকৰ পৰা এক সঁজাতি দলে ঘটনা সংঘটিত হোৱা ডিমাপুৰৰ ইউএনবি কলনিলৈ গৈ স্থানীয় নেতৃস্থানীয় ব্যক্তিসকলৰ সহযোগত বোমা বিষ্ফোৰণৰ ভুক্তভোগী পৰিয়ালবৰ্গক সাক্ষাৎ কৰি পৰিস্থিতিৰ বুজ লয় ৷ আমছুৰ সঁজাতি দলটোৱে ভুক্তভোগীসকলক কাৰবি আংলং আমছুৰ তৰফৰ পৰা কিছু আৰ্থিক সাহায্যও প্ৰদান কৰে ৷
দলটোৰ সভাপতি মাজিদ খানৰ এক বিবৃতিৰ পৰা জানিব পৰা অনুসৰি সেইদিনাৰ বোমা বিষ্ফোৰণত ৫ গৰাকী আক্ৰান্তৰ দুজনৰ মৃত্যু হোৱাৰ বিপৰীতে তিনিজন গুৰুতৰভাৱে আহত হৈ চিকিৎসাধীন হৈ আছে ৷
আটাইকেইজন ভুক্তভোগী দিন হাজিৰা কৰি জীৱিকা-নিৰ্বাহ কৰি আছিল বুলি বিবৃতিটোত উল্লেখ আছে ৷ আমছুৰ সভাপতিগৰাকী দিনহাজিৰা কৰি খোৱা লোকসকলক সুশিক্ষিত কৰিবলৈ আহ্বান জনোৱাৰ লগতে স্থানীয় লোকসকলক ভুক্তভোগীসকললৈ সহানুভূতি দেখুৱাবলৈ অনুৰোধ কৰিছে ৷
আজিৰ সঁজাতি দলটোত ক্ৰমে, আমছুৰ কাৰবি আংলং জিলা সমিতিৰ সভাপতি মাজিদ খান, উপ-সভাপতি বিলাল হুছেইন, সহঃ সাধাৰণ সম্পাদক নবী আহমেদ আৰু দুদুকলনি, লাহৰিজান, বালিজান আঞ্চলিক সমিতিৰ সভাপতি-সম্পাদক কাৰ্যালয়ৰ বিষয়ববীয়া আৰু সদস্যসকল অংশগ্ৰহণ কৰিছিল৷