নিউজ ডেক্স:
ৰাজ্যত পুনৰ ক’ৰোনামুক্ত হৈছে ২৪৬৪ গৰাকী ব্যক্তি। বিগত ২৪ ঘন্টাত ২৪৬৪ গৰাকী কোভিড-১৯ ৰোগীয়ে সুস্থ হৈ চিকিৎসালয়ৰ পৰা যাবলৈ অনুমতি লাভ কৰিছে৷ টুইট যোগে এই কথা সদৰী কৰে ড° হিমন্ত বিশ্ব শৰ্মাই।
আনহাতে যোৱা ২৪ ঘন্টাত ৰাজ্যত ৩২হাজাৰ ৪৭৮ টা পৰীক্ষা সম্পাদন কৰাৰ পিছত নতুনকৈ ২৩৯৪ গৰাকী লোক কোভিড-১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷ চিনাক্তসকলৰ ভিতৰৰ ৫৫৬ গৰাকী ৰোগী কামৰূপ(ম)ৰ, ১৬১ গৰাকী যোৰহাটৰ, ১৮৪গৰাকী ডিব্ৰুগড়ৰ, ১৫৮গৰাকী গোলাঘাটৰ৷ আক্ৰান্তৰ হাৰ ৭.৩৭ শতাংশ ৷
বৰ্তমানলৈ অসমত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ১,৪৮৯৬৯জনলৈ বৃদ্ধি পাইছে । ৰাজ্যত সম্প্ৰতি ২৯০৯১ গৰাকী চিকিত্সাধীন হৈ থকাৰ বিপৰীতে আৰোগ্য হৈ উঠিছে ১,১৯৩৬৪ গৰাকী ব্যক্তি।উল্লেখ্য যে ৰাজ্যত বিয়োগ হোৱা লোকৰ সংখ্যাও ৫১১ গৰাকীলৈ বৃদ্ধি পালে।
📌 Discharge Alert
2⃣4⃣6⃣4⃣ patients discharged today
Happy that 80% of our patients have won the battle against #COVID19 & have been sent back to their homes#StaySafeStayHealthy
😊Total Discharged Patients: 119364
😑Active Patients: 290919:30 PM/Sept 16#AssamFightsCovid pic.twitter.com/umLaFsnx7y
— Himanta Biswa Sarma (Modi Ka Parivar) (@himantabiswa) September 16, 2020