নগাঁও : সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ নগাঁও শাখাই অনলাইন যোগে যোৱা ১০ আগষ্টৰ পৰা অবিৰতভাৱে প্ৰায় ডেৰমাহ ধৰি অনুষ্ঠিত কৰা ব্যতিক্ৰমী সাহিত্যৰ কুইজ আৰু পয্যালোচনা অনুষ্ঠানৰ আজি সামৰণি পৰে। শাখাৰ সম্পাদিকা ৰীতা শৰ্মা আৰু যুটীয়া সম্পাদিকা ৰীতা কাকতিয়ে পৰিচালনা কৰা অনুষ্ঠানটোৰ প্ৰতিদিনাই কুইজৰ শেষত বিশিষ্ট লেখিকা তথা সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ প্ৰাক্তন সভানেত্ৰী আভা বৰাই পৰ্যালোচনা আগবঢ়ায়। প্ৰাক্তন সভানেত্ৰীগৰাকীৰ তত্ত্ব-গধুৰ বিশ্লেষণে অনুষ্ঠানৰ মৰ্যাদা বৃদ্ধিকৰাৰ লগতে সাহিত্য চৰ্চাৰ এক অনন্য মাত্ৰা প্ৰদান কৰে ।
ইয়াৰ উপৰি শাখাৰ সভানেত্ৰী নীৰু শৰ্মা, প্ৰাক্তন সভানেত্ৰী বীনা শৰ্মা, সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ প্ৰধান সম্পাদিকা ড° থুনু কলিতা, শাখাৰ কাৰ্যকৰী সভানেত্ৰী উৰ্মিলা বৰুৱা, প্ৰাক্তন সম্পাদিকা দীপা বৰুৱা, জ্যেষ্ঠা সদস্যা দিপালী বৰা কলিতা, ড° স্বপ্না নেওগ, ড° মঞ্জু লস্কৰ আদিয়েও পৰ্যালোচনা আগবঢ়ায়। সৰ্বমুঠ আঠত্ৰিছ গৰাকী সদস্যাই অংশগ্ৰহণ কৰা এই ব্যতিক্ৰমী অনুষ্ঠানটো সাহিত্য-চৰ্চাৰ এক অনন্য নিৰ্দশন বুলি বিশিষ্ট সাহিত্যিক, সত্ৰীয়া সংস্কৃতিৰ গৱেষক তথা আনন্দৰাম বৰুৱা বটাঁ প্ৰাপ্তক ড° নৰেন কলিতাই মন্তব্য আগবঢ়ায়।