ষ্টাফ ৰিপ’ৰ্টাৰ:
ডিফু : পুনৰ কাৰবি আংলং জিলাৰ মাঞ্জা আৰক্ষীৰ জালত পৰিল চুৰি স্কৰপিঅ’ সহ মণিপুৰৰ দুই গভাইত চোৰ ৷ শুকুৰবাৰে নিশা মাঞ্জা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জিতুমনি ডেকাৰ নেতৃত্বত সংগীয় ষ্টাফ সহ মাঞ্জা- ডিমাপুৰ পথত নাকা তালাচী চলাই থকা অৱস্থাতে ডিমাপুৰ অভিমুখে গৈ থকা HR 83 6009 বগা ৰঙৰ স্কৰপিঅ’ s11 গাড়ীখন সন্দেশবশত ৰখিবলৈ নিৰ্দেশ প্ৰদান কৰে ৷
আৰক্ষীয়ে ভালদৰে তদন্ত আৰু পৰীক্ষা কৰাত গাড়ীৰ প্ৰকৃত ইঞ্জিন নম্বৰ চালকে প্ৰদৰ্শন কৰা নথিৰ সৈতে অমিল পায় ৷ আৰক্ষীৰ সূত্ৰে জানিব পৰা অনুসৰি গাড়ীখন হাৰিয়ানাৰ, ধৃত চোৰ দুটাই দিল্লীৰ পৰা গাজ়ীখন চুৰি কৰি মণিপুৰলৈ নিয়াৰ পৰিকল্পনা কৰিছিল ৷
ধৃত চোৰ দুটা ক্ৰমে,মণিপুৰৰ থাউবাল জিলাৰ কাকচিং থানা এলেকাৰ ফুন্দ্ৰাই খংজা গাঁৱৰ ইছা ছাহৰ পুত্ৰ মঃ হানিফ ছাহ আৰু মণিপুৰৰ বিঞ্চুপুৰ জিলাৰ মৈৰাং থানা এলেকাৰ ক্বাকটা খুমান গাঁৱৰ জয়া খানৰ পুত্ৰ ওৱাছিম খান বুলি চিনাক্ত কৰা হৈছে ৷
এই সন্দৰ্ভত মাঞ্জা থানাত ভাঃদঃবিঃ আইনৰ 379/411/468 ধাৰাত 32/20 নম্বৰত এক গোচৰ ৰুজু দি ধৃত চোৰটোক জেৰা অব্যাহত ৰাখিছে লগতে চোৰ দুটাক আজি ডিফু আদালতত হাজিৰ কৰা হব বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ ৷
উল্লেখযোগ্য যে মাঞ্জা- ডিমাপুৰ পথেৰে মণিপুৰৰ অপৰাধী চক্ৰই চুৰি গাড়ীৰ পৰা আৰম্ভ কৰি নিষিদ্ধ ড্ৰাগছ সৰবৰাহ কৰাৰ অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছে যদিও মাঞ্জা, ডিলাই আৰু খটখটী আৰক্ষীয়ে কৌশলী পন্থা অৱলম্বন কৰাৰ বাবে বহু কেইটা অপৰাধী আৰক্ষীৰ জালত পৰিছিল ৷