অজন্তা তালুকদাৰ
বোকাখাত : বোকাখাত মহকুমাৰ নৱ-নিযুক্ত মহকুমাধিপতি বিপুল দাসক আজি তেখেতৰ কাৰ্যালয়তে আদৰণি জনায় বোকাখাত মহকুমাৰ সাংবাদিক সংগঠনে। আজি বোকাখাতৰ মহকুমাধিপতিৰ কাৰ্যালয়ত আদৰণি অনুষ্ঠানত মহকুমাটোৰসমূহ সাংবাদিকৰ হৈ মহকুমাধিপতি গৰাকীক এখনি ফুলাম গামোচাৰে সম্বৰ্দ্ধনা জনায় জ্যেষ্ঠ সাংবাদিক বুবুল দত্তই।
উল্লেখ্য যে পূৰ্বতে বোকাখাতৰ ৰাজহ চক্ৰ বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰি যোৱা বৰ্তমানৰ মহকুমাধিপতি বিপুল দাসে সাংবাদিকসকললৈ ধন্যবাদ জ্ঞাপন কৰি নিজৰ বক্তব্য ৰাখে। বক্তব্যত নৱ-নিযুক্ত মহকুমাধিপতি দাসে বৰ্তমান মহকুমাটোত উন্নয়ন আৰু বিকাশত কভিড-১৯-এ দেশৰ লগতে মহকুমাটোৰ অৰ্থনীতিত পেলোৱা কুঠাৰঘাতক বোকাখাতৰ মহকুমাধিপতি হিচাপে তেওঁৰ কাৰ্যকালৰ বাবে এক প্ৰত্যাহ্বান বুলি অভিহিত কৰে আৰু এই প্ৰত্যাহ্বান গ্ৰহণ কৰি আগবাঢ়ি যোৱাত বোকাখাত মহকুমাৰসমূহ সাংবাদিকৰ সহায় সহযোগিতা কামনা কৰে।
আদৰণি অনুষ্ঠানত বোকাখাত নগৰখন আৰু মহকুমাটোৰ বিভিন্ন অভাৱ-অভিযোগ, দুখ-দুৰ্গতি, সমস্যাসমূহৰ বিষয়ে সাংবাদিকসকলে নৱ-নিযুক্ত মহকুমাধিপতিগৰাকীক অৱগত কৰি সেইসমূহৰ সমাধানৰ বাবে মহকুমাধিপতিগৰাকীৰ ওচৰত আবেদন জনোৱাৰ লগতে অনাগত দিনত মহকুমাধিপতিগৰাকীলৈ নগৰখন আৰু মহকুমাৰ উন্নয়নৰ স্বাৰ্থত সকলো ধৰণৰ যোগাত্মক সহযোগিতা আগবঢ়োৱাৰ কথা দোহাৰে।
নৱ-নিযুক্ত মহকুমাধিপতিগৰাকীয়েও নগৰখন আৰু মহকুমাৰ সকলো ধৰণৰ উন্নয়নত তেওঁৰ সহযোগিতা আৰু প্ৰচেষ্টাৰ আশ্বাস দিয়ে উপস্থিত সাংবাদিকসকলক। সভাত বক্তব্য প্ৰদান কৰে অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা, জ্যেষ্ঠ সাংবাদিক বুবুল দত্ত, জ্যেষ্ঠ সাংবাদিক হেমেন হাজৰিকা, বোকাখাত প্ৰেছ ক্লাৱৰ সম্পাদক উত্তম শইকীয়া, বোকাখাত মহকুমা সাংবাদিক সন্থাৰ সম্পাদক নীলু আচাৰ্য, নিউজ লাইভৰ উজনি অসমৰ ব্যুৰো চীফ ৰঞ্জিত ৰজক, সাংবাদিক ক্ৰমে দিব্যজ্যোতি হাজৰিকা, প্ৰদীপ হাজৰিকা আৰু অজন্তা তালুকদাৰ আদিয়ে।
অনুষ্ঠানত ইলেক্ট্ৰনিক মিডিয়া জাৰ্ণালিষ্ট এছ’চিয়েছন, বোকাখাতৰ হৈ মহকুমাধিপতিগৰাকীক এখনি ফুলাম গামোচাৰে সম্বৰ্দ্ধনা জনায় সাংবাদিক দিব্যজ্যোতি হাজৰিকাই। সভাৰ আঁতধৰে মহকুমা তথ্য আৰু জনসংযোগ বিষয়া মামন বৰকটকীয়ে। আদৰণি অনুষ্ঠানত বোকাখাত মহকুমাৰ কেউটা সাংবাদিক সংগঠনৰ সাংবাদিকসকল উপস্থিত থাকে।