ষ্টাফ ৰিপ’ৰ্টাৰ:
ক্ষেত্ৰীত ভয়ংকৰ পথ দুৰ্ঘটনা। নগাঁৱৰ পৰা গুৱাহাটী অভিমুখে গৈ থকা AS 02 AD 2070 নম্বৰৰ এল্ট’ বাহনখন দুৰ্ঘটনাত পতিত হয়। এল্ট’খন গুৱাহাটী অভিমুখী পথৰ পৰা ডিভাইদাৰ পাৰ হৈ পথৰ কাষৰ নলাত বাগৰি পৰে।
দুৰ্ঘটনাত থিতাতে নিহত এজন। আহত হয় আন দুজন লোক। ইছাজুল হুছেইন, আনোৱাৰ হুছেইন নামৰ আহত লোক দুজনক আৰক্ষীৰ তৎপৰতাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।













