নিউজ ডেক্স:
ছচিয়েল মিডিয়াত প্ৰশ্ন কাকত ফাদিল হোৱাৰ পাছত অৱশেষত বাতিল কৰা হল অসম আৰক্ষীৰ উপ-পৰিদৰ্শকৰ পৰীক্ষা।ইতিমধ্যে কৰা হৈছে ঘোষণা।
দুপৰীয়া ১২ বজাৰ লগে লগে আৰম্ভ হ’ল পৰীক্ষা। কিন্তু পৰীক্ষাৰ মাজতে আহিল এটা বিশেষ ঘোষণা। ঘোষণা শুনি লগে লগে আশাহত হৈ পৰিল ৰাজ্যৰ হাজাৰ হাজাৰ শিক্ষিত নিৱনুৱা।
দীৰ্ঘদিন ধৰি অসম আৰক্ষীৰ উপ পৰিদৰ্শকৰ পৰীক্ষাৰ বাবে বহুতে চলাই আছিল প্ৰস্তুতি। বহুতে আনকি শাৰীৰিক পৰীক্ষাৰ বাবেও কৰি আছিল দিন-ৰাতি একাকাৰ। কিন্তু এনেধৰণৰ দায়িত্বহীনতাই এতিয়া বাৰুকৈয়ে বিমোৰত পেলাইছে ৰাজ্যৰ লাখ লাখ শিক্ষিত নিৱনুৱাক।
যদিও পৰীক্ষা আকৌ অনুষ্ঠিত কৰাৰ আশ্বাস দিছে, তথাপিও বহুতে এই ক্ষেত্ৰত সন্দেহ প্ৰকাশ কৰিছে।
ইফালে প্ৰশ্ন কাকত ফাদিলৰ লগত জড়িত অপৰাধীক শীঘ্ৰে কৰায়ত্ত কৰি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ অসম আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তক কঠোৰ নিৰ্দেশ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ।নিযুক্তি প্ৰক্ৰিয়া ব্যৰ্থ কৰাৰ বাবে ষড়যন্ত্ৰত লিপ্ত হোৱা চক্ৰটোকো শীঘ্ৰে চিনাক্ত কৰিবলৈ আৰক্ষী সঞ্চালক প্ৰধান গৰাকীক দিল্লীৰ পৰা নিৰ্দেশ প্ৰদান কৰে মূখ্যমন্ত্ৰী গৰাকীয়ে।