ষ্টাফ ৰিপ’ৰ্টাৰ:
বোকাখাত : বোকাখাত মহকুমা চুটীয়া ছাত্ৰ সন্থাৰ উদ্যোগত আজি এক ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হয়। চুটীয়া জাতিৰ বৰ্তমান অসমত বসবাস কৰা লোকসকল দেশে স্বাধীনতা লাভ কৰাৰ সাতটা দশক অতিক্ৰম কৰাৰ পাছতো পৰ্যাপ্ত আৰ্থিক, সামাজিক, শৈক্ষিক আৰু ৰাজনৈতিক সকলো দিশতে পিছ পৰি ৰৈছে।
স্বাধীনতাৰ পাছৰ কোনো এখন চৰকাৰে এই জনগোষ্ঠীটোৰ দীৰ্ঘদিনীয়া সমস্যা সমূহ সমাধান কৰাত গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ তুলি যোৱা ১৯ ছেপ্তেম্বৰত এক ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। সংগঠনটোৱে চুটীয়া জাতিক শীঘ্ৰে জনগোষ্ঠীটোক জনজাতিকৰণৰ মৰ্যদা প্ৰদান আৰু ষষ্ঠ অনুসূচীৰ আধাৰত স্বায়ত্ত শাসিত পৰিষদ প্ৰদান কৰাৰ দাবীত এই ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি বোকাখাত মহকুমাৰ দণ্ডাধীশ ৰণন্ময় ভৰদ্বাজৰ জড়িয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে।
ধর্মঘট কাৰ্যসূচীত উপস্থিত থাকে বোকাখাত মহকুমা চুতীয়া ছাত্ৰ সন্থা সভাপতি মন্টু শইকীয়া, সাধাৰণ সম্পাদক লাচিত কাকতি, উপ সভাপতি ৰিকী শইকীয়া, বোকাখাত মহকুমা ছাত্ৰ সন্থা সাধাৰণ সম্পাদক গীতাৰ্থ শইকীয়া, চুতীয়া যুৱ সন্মিলনৰ কাৰ্যকৰী সভাপতি পৰাগ শইকীয়া, অনুসূচীত জাতি যুৱ ছাত্ৰ পৰিষদৰ গোলাঘাট জিলা সমিতিৰ সাধাৰণ সম্পাদক ৰেব হাজৰিকা।