নিউজ ডেস্কঃ
ঋণৰ জালত পৰি শেষ হৈ গ’ল এটা পৰিয়াল। জয়পুৰৰ এক মর্মান্তিক আত্মহত্যাৰ ঘটনাই বাকৰুদ্ধ কৰি তুলিছে সমগ্ৰ এলেকা। ঋণ মাফিয়াৰ অত্যাচাৰ কিমান ভয়ঙ্কৰ হ’ব পাৰে তাৰে এটা উদাহৰণ এই ঘটনা। যাক সহ্য কৰিব নোৱাৰিয়েই পৰিয়ালৰ চাৰিজন সদস্যই আত্মহত্যা কৰে।
আৰক্ষী সূত্রে জানিব পৰা মতে, বিহাৰৰ ৪৫ বছৰীয়া যশোবন্ত চোনি, তেওঁৰ ৪১ বছৰীয়া পত্নী মমতা আৰু দুই পুত্ৰ অজিত (২৩) আৰু ভৰত (২০)। তেওঁলোকে ঋণত পোত গৈ আত্মহত্যা কৰে। শনিবাৰে পুৱা তেওঁলোকক নেদেখি ওচৰ-চুবুৰীয়া তথা আত্মীয়-স্বজন আহি ঘৰত মাতি মাতিও কাৰো কোনো উত্তৰ নাপায়। দৰ্জা ভিতৰৰ পৰা বন্ধ থকাত, খিৰিকীৰে চাই দেখে গোটেই পৰিয়ালটো চিপ লোৱা অৱস্থাত ওলমি আছে।
ইয়াৰ পিছত আৰক্ষীক খবৰ দিয়াত আৰক্ষী আহি মৃতদেহ নমাই পোষ্টমৰ্টেমৰ বাবে পঠায়। প্রতিবেশীৰ পৰা জানিব পৰা মতে, যশোবন্তই গহনাৰ কাম কৰিছিল। বহু দিন ধৰি নিশাৰ ভাগত তেওঁলোকৰ ঘৰলৈ কোনো লোক আহি আছিল। টকা-পইচা সংক্রান্তৰ কথা হৈছিল তেওঁলোকৰ মাজত।
আৰক্ষীয়ে জনোৱা মতে, ঘটনাস্থলীৰ পৰা দুই পুত্ৰৰ ভৰি আৰু মহিলাগৰাকীৰ চকু বান্ধি থোৱা অৱস্থাত ওলমি থকা মৃতদেহ উদ্ধাৰ কৰে। তাৰ লগতে উদ্ধাৰ কৰে যশোবন্তৰ মৃতদেহ। ঘটনাস্থলীৰ পৰা এখন ছুইছাইড নোট উদ্ধাৰ কৰা হৈছে। ঋণৰ বোজাই আত্মহত্যাৰ কাৰণ বুলি প্ৰাথমিক তদন্তত অনুমান কৰা হৈছে।