নিউজ ডেস্ক:
পত্নীৰ গর্ভৰ সন্তান ল’ৰা নে ছোৱালী? জানিবলৈ ভয়ঙ্কৰ কাণ্ড কৰিলে উত্তৰ প্রদেশৰ বদায়ুৰ এজন ব্যক্তিয়ে।শনিবাৰে নিশা ঘৰলৈ আহি শ্ৰমিক স্বামীয়ে গর্ভৱতী পত্নীৰ সৈতে বাক-বিতণ্ডাত লিপ্ত হয়। গৰ্ভত থকা সন্তান পুত্র নে কন্যা ইয়াকে লৈ দুয়োৰে মাজত কাজিয়া তুঙ্গত উঠে।
তাৰ পিছতেই ভয়ঙ্কৰ কাণ্ড কৰে পান্নালাল নামৰ ব্যক্তিজনে। চোকা অস্ত্রৰে পত্নীৰ পেট ফালি পেলায় পান্নালালে। তেওঁৰ পাঁচ সন্তানৰ আটাইকেইটাই ছোৱালী। গতিকে এইবাৰ তেওঁ জানিবই লাগিব, গর্ভৰ সন্তান পুত্র নে কন্যা।
ঘটনাটো ঘটিছে চিভিল লাইন্স থানাৰ নেকপুৰ এলেকাত। পান্নলালক পিছত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।ইফালে গুৰুতভাৱে আঘাতপ্ৰাপ্ত মহিলাগৰাকীক বেৰেলিৰ এখন হস্পিটেলত ভর্তি কৰা হয়।