পুনৰ অসুস্থ তৰুণ গগৈ৷ ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তৰুণ গগৈক আজি জিএমচিএইচত ভৰ্তি কৰোৱা হৈছে৷ তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটাৰ বাবে জিএমচিএইচত ভৰ্তি কৰোৱা হৈছে৷
উল্লেখ্য যে কোভিড আক্ৰান্ত হৈ কিছুদিন পূৰ্বে গগৈ জিএমচিএইচত ভৰ্তি হৈছিল আৰু সুস্থ হৈ ঘৰলৈ উভতিছিল৷ আজি তেওঁৰ পুনৰ স্বাস্থ্যৰ অৱনতি ঘটাত জিএমচিএইচত ভৰ্তি কৰোৱা হয়৷ তেওঁৰ অক্সিজেনৰ স্তৰ হ্ৰাস পোৱাৰ বাবে আইচিইউত ভৰ্তি কৰোৱা হৈছে৷













