নিউজ ডেস্ক:
শনিবাৰে অসম ৰাইফলছে মণিপুৰৰ চান্দেল জিলাৰ মলটোকৰ ওচৰৰ পৰা বৃহৎ পৰিমাণৰ নিচাযুক্ত দ্ৰব্য উদ্ধাৰ কৰে। অসম ৰাইফলছৰ আইজিৰ সূত্ৰে এই কথা প্ৰকাশ।
জানিব পৰা মতে, ম্যানমাৰৰ পৰা অসমলৈ প্ৰবেশ পথত ভাৰত-ম্যানমাৰ সীমান্তত নিচাযুক্ত দ্ৰব্য সৰবৰাহকাৰীৰ গতিবিধিৰ ওপৰত দৃষ্টি ৰখা চোৰাংচোৱাৰ বিশেষ খবৰৰ ভিত্তিত এক অভিযান চলায় অসম ৰাইফলছে।
মলটোক গাঁৱৰ ওচৰৰ হাবিত চলোৱা এই অভিযানত ৬.৪ কোটি টকা মূল্যৰ নিচাযুক্ত দ্ৰব্য জব্দ কৰে। ইয়াৰ ভিতৰত ৬৭০ গ্ৰাম হেৰইন আৰু ১,২৪,০০০ WIY টেবলেট। এই নিষিদ্ধ দ্ৰব্যসমূহ পৰৱৰ্তী অনুসন্ধান তথা জ্বলাই দিবৰ বাবে পিছত চান্দেল আৰক্ষীক গতাই দিয়ে।













