ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

গ্ৰাছ, বোকাখাতৰ পঞ্চম বাৰ্ষিক বঁটা প্ৰদান আৰু মুখপত্ৰ উন্মোচন অনুষ্ঠান অনুষ্ঠিতঃ

ASSAM TIMES POST by ASSAM TIMES POST
September 27, 2020
Reading Time: 1 min read
A A
0
গ্ৰাছ, বোকাখাতৰ পঞ্চম বাৰ্ষিক বঁটা প্ৰদান আৰু মুখপত্ৰ উন্মোচন অনুষ্ঠান অনুষ্ঠিতঃ

logo new 2 1 1 1 | ASSAM TIMES POST

RELATED POSTS

Assam flood : বানত ককবকাইছে ৰাজ্যৰ ৬ জিলাৰ সহস্ৰাধিক বানাক্ৰান্তই, ফোনযোগে খবৰ ল’লে গৃহমন্ত্ৰী অমিত শ্বাহে

Purnima Devi Barman I Community Powers Hargila Conservation in Assam

Assam Announces Supplementary Exams for Higher Secondary Students

অজন্তা তালুকদাৰ:

বোকাখাত : পৰিৱেশ আৰু প্ৰকৃতি সুৰক্ষাৰ স্বাৰ্থত সেৱা আগবঢ়োৱা উজনি অসমৰ অন্যতম শক্তিশালী বেচৰকাৰী সংগঠন গ্ৰাছ, বোকাখাতৰ আজি ২০২০ বৰ্ষৰ পঞ্চম বাৰ্ষিক বঁটা প্ৰদান অনুষ্ঠান আৰু মুখপত্ৰ ‘শ্যামলিমা’ৰ উন্মোচনী অনুষ্ঠিত হৈ যায়।

যোৱা ৫ জুনতে গ্ৰাছৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত হ’ব লগীয়া এই অনুষ্ঠান কভিড সংক্ৰমণৰ বাবে নিৰ্দিষ্ট তাৰিখৰ পৰিৱৰ্তে ২৭ ছেপ্তেম্বৰত বোকাখাত পুৱতি সাহিত্য সভা ভৱনত কভিড প্ৰটকল মানি চলি অনুষ্ঠিত কৰা হয়। এই উপলক্ষ্যে পুৱা সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ কাৰ্যকৰী সভানেত্ৰী সূৱৰ্ণ শইকীয়া বৰদলৈয়ে স্মৃতি তৰ্পণ কৰাৰ পাছতেই বোকাখাত মহকুমা কৰ্মচাৰী পৰিষদৰ সম্পাদক প্ৰফুল্ল পূজাৰীকে আদি কৰি উপস্থিত বিশিষ্ট ব্যক্তি সকলে স্মৃতি তৰ্পণ কৰে।

WhatsApp Image 2020 09 27 at 3.41.01 PM | ASSAM TIMES POSTসাংবাদিক প্ৰদ্যুত মহন্তই আঁত ধৰা বঁটা প্ৰদান অনুষ্ঠানৰ সভাত সভাপতিত্ব কৰে বোকাখাত প্ৰেছ ক্লাৱৰ সভাপতি ভৱানন্দ কলিতাই। উদ্দেশ্য ব্যাখ্যা কৰে গ্ৰাছৰ সম্পাদক ইন্দ্ৰেশ্বৰ বৰাই। অনুষ্ঠানৰ আৰম্ভণিতে যুৱশিল্পী ৰঞ্জিত কলিতাই কামৰূপীয়া লোকগীত পৰিবেশন কৰে আৰু সাম্প্ৰতিক কভিড সংক্ৰমণকে আদি কৰি মৃত্যু বৰণ কৰা বোকাখাতৰ বিভিন্নজন লোকৰ আত্মাৰ সদ্গতি কামনা কৰি মৌণ প্ৰাৰ্থনা কৰা হয়।

অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিতি বক্তব্য প্ৰদান কৰে ক্ৰমে মহকুমা পশু চিকিৎসা বিষয়া ডাঃ ৰঞ্জিত বৰাৰ লগতে বঁটা প্ৰাপক সকলে শুভেচ্ছামূলক বক্তব্য প্ৰদান কৰে। অনুষ্ঠানতে সাংবাদিক বদন দুৱৰা সম্পাদিত গ্ৰাছ, বোকাখাতৰ মুখপত্ৰ ‘শ্যামলিমা’ৰ শুভ উন্মোচন কৰি গোলাঘাটৰ সাংবাদিক পেঞ্চনাৰ তথা বিশিষ্ট পৰিবেশকৰ্মী অপূৰ্ব বল্লভ গোস্বামীয়ে উন্মোচনী বক্তব্য প্ৰদান কৰে।

আজিৰ অনুষ্ঠানত গ্ৰাছৰ ২০২০ বৰ্ষৰ বঁটা প্ৰাপক সকললৈ বঁটা সমূহ আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয়। প্ৰতি বৰ্ষতে মহকুমাটোত বিভিন্ন উন্নয়নমূলক কামৰ লগতে সেউজীকৰণ, স্বচ্ছতা আৰু অন্যান্য সামাজিক কাম-কাজৰ লগত জড়িত একোজন ব্যক্তিক ‘গ্রাছ গ্রীণ এৱার্ড’ আৰু মহিলা সৱলীকৰণৰ বিষয়ত কাম কৰি থকা একোগৰাকী মহিলাক প্ৰতি বছৰে ‘গ্রাছ ৱমেন এৱার্ড’ প্রদান কৰি আহিছে।

উল্লেখ্য যে এই বছৰৰ পৰা কৃষিকৰ্মৰ যােগেদি নিজৰ লগতে আনকো উৎসাহিত কৰিব পৰা ব্যক্তিক কমলেশ্বৰ বৰা সোঁৱৰণী ‘গ্ৰাছ ফাৰ্মাৰ এৱাৰ্ড’ আৰু সমাজৰ কল্যানৰ অৰ্থে সেৱা আগবঢ়োৱা সমাজৰ হিতাকাংক্ষী লোকলৈ ‘গ্ৰাছ সমাজ হিতৈষী বঁটা’ প্ৰদান কৰাৰ ব্যৱস্থা কৰিছে ।

এই মৰ্মে ২০২০ বৰ্ষৰ গ্ৰাছৰ দ্বাৰা নিয়োজিত নিৰ্বাচনী সমিতিৰ জড়িয়তে ঘোষণা কৰা মতে ধনীল বৰঠাকুৰ সোঁৱৰণী ‘গ্ৰাছ গ্রীণ এৱার্ড’ লাভ কৰিছে কমাৰগাঁও পানীদিহিঙীয়াৰ প্ৰশান্ত বৰবৰাই, নুমলী হাজৰিকা সোঁৱৰণী ‘গ্রাছ ৱমেন এৱার্ড’ লাভ কৰিছে কাজিৰঙাৰ ৰূপজ্যোতি শইকীয়া গগৈয়ে, ‘গ্ৰাছ নিৰ্মল সেউজ বঁটা’ লাভ কৰিছে দিৰিং বাগিছা প্ৰাথমিক বিদ্যালয়ে আৰু প্রথমবাৰৰ বাবে আগবঢ়োৱা কমলেশ্বৰ বৰুৱা সোঁৱৰণী ‘গ্ৰাছ ফার্মাৰ এৱাৰ্ড’ লাভ কৰিছে বাদুলীপাৰ কানফলাৰ আদৰ্শ কৃষক ডিম্বেশ্বৰ গগৈয়ে আৰু কৃষিখণ্ডৰ লগতে বিভিন্ন ঔদ্যোগিক খণ্ডৰ জড়িয়তে সমাজৰ গৰিষ্ঠ সংখ্যক দৰিদ্ৰ লোকক কৰ্ম সংস্থাপন দিয়াৰ সমান্তৰালকৈ আগবঢ়োৱা বিভিন্ন সামাজিক আৰু সাংস্কৃতিক অৱদানৰ স্বীকৃতি হিচাপে গ্ৰাছে পোনপ্ৰথমবাৰৰ আগবঢ়োৱা ‘গ্ৰাছ সমাজ হিতৈষী বঁটা’ লাভ কৰিছে দেৰগাঁৱৰ সমাজকৰ্মী আলহাজ ৰাজুমনি হুছেইনে।

অনুষ্ঠানত গ্ৰাছৰ সভাপতি অংকুৰ বৰঠাকুৰ, সম্পাদক ইন্দ্ৰেশ্বৰ বৰা, বিষয় ববীয়া আৰু সদস্য সকল, গ্ৰাছৰ বোকাখাত মহকুমাৰ চাৰিওটা মৌজা শাখাৰ বিষয় ববীয়া আৰু সদস্য সকলৰ লগতে বঁটা প্ৰাপক ব্যক্তি সকল, বিশিষ্ট কবি নিজৰা বৰঠাকুৰ, বিশিষ্ট অতিথি সকল আৰু স্থানীয় গণ্যমান্য ব্যক্তি সকল উপস্থিত থাকে। অনুষ্ঠানত বঁটা প্ৰাপক আলহাজ ৰাজুমনি হুছেইনৰ ব্যক্তিগত উদ্যোগত তৈয়াৰী হেণ্ড চেনিটাইজাৰ উপস্থিত সমূহ ব্যক্তিৰ মাজত বিতৰণ কৰা হয়।

Tags: Featured2
Share4Tweet3Send

Related Posts

Assam flood : বানত ককবকাইছে ৰাজ্যৰ ৬ জিলাৰ সহস্ৰাধিক বানাক্ৰান্তই, ফোনযোগে খবৰ ল’লে গৃহমন্ত্ৰী অমিত শ্বাহে
Assam

Assam flood : বানত ককবকাইছে ৰাজ্যৰ ৬ জিলাৰ সহস্ৰাধিক বানাক্ৰান্তই, ফোনযোগে খবৰ ল’লে গৃহমন্ত্ৰী অমিত শ্বাহে

by News Desk
June 29, 2026
50
Purnima Devi Barman I Community Powers Hargila Conservation in Assam
Assam

Purnima Devi Barman I Community Powers Hargila Conservation in Assam

by Staff Reporter
June 28, 2026
50
Assam Announces Supplementary Exams for Higher Secondary Students
Assam

Assam Announces Supplementary Exams for Higher Secondary Students

by News Desk
June 24, 2026
50
Assam flood : ৰাজ্যত ভয়াৱহ ৰূপ লৈছে বান পৰিস্থিতি; চৰকাৰৰ সতৰ্কবাণী
Assam

Assam flood : ৰাজ্যত ভয়াৱহ ৰূপ লৈছে বান পৰিস্থিতি; চৰকাৰৰ সতৰ্কবাণী

by News Desk
June 24, 2026
50
Wild Elephant dies I চাৰিদুৱাৰত বিদ্যুৎস্পৃষ্ট হৈ বন্যহস্তীৰ কৰুণ মৃত্যু
Assam

Wild Elephant dies I চাৰিদুৱাৰত বিদ্যুৎস্পৃষ্ট হৈ বন্যহস্তীৰ কৰুণ মৃত্যু

by Staff Reporter
June 19, 2026
50
‎ট্ৰাইৰ ড্ৰাইভ টেষ্টত অসমৰ ৰাষ্ট্ৰীয় ঘাইপথত পোহৰলৈ আহিছে নেটৱৰ্কৰ দুৰ্বলতা 
Assam

‎ট্ৰাইৰ ড্ৰাইভ টেষ্টত অসমৰ ৰাষ্ট্ৰীয় ঘাইপথত পোহৰলৈ আহিছে নেটৱৰ্কৰ দুৰ্বলতা 

by Staff Reporter
June 17, 2026
50
ADVERTISEMENT
Double-tap campaign : আফগানিস্তান সীমান্তত পাকিস্তানৰ ‘ডাবল-টেপ’ অভিযানত শিশুসহ নিহত ৩৫
National-International

Double-tap campaign : আফগানিস্তান সীমান্তত পাকিস্তানৰ ‘ডাবল-টেপ’ অভিযানত শিশুসহ নিহত ৩৫

June 29, 2026
50
Heat wave : গৰমে দহিছে ইউৰোপ : হাজাৰোধিক মানুহৰ মৃত্যু, ভাঙিলে তাপমাত্ৰাৰ সৰ্বকালৰ অভিলেখ
National-International

Heat wave : গৰমে দহিছে ইউৰোপ : হাজাৰোধিক মানুহৰ মৃত্যু, ভাঙিলে তাপমাত্ৰাৰ সৰ্বকালৰ অভিলেখ

June 29, 2026
50
IB : চোৰাংচোৱা ব্যুৰোৰ নতুন প্রধান মহেশ দীক্ষিত
National-International

IB : চোৰাংচোৱা ব্যুৰোৰ নতুন প্রধান মহেশ দীক্ষিত

June 29, 2026
50
Lionel Messi : সতীৰ্থই খুলিলে মুখ : ‘মেছিৰ সৈতে মই বিশ্বকাপ জিকিছো, মোৰ সৈতে তিনি মাহ কথা পতা নাছিল’
Sports News

Lionel Messi : সতীৰ্থই খুলিলে মুখ : ‘মেছিৰ সৈতে মই বিশ্বকাপ জিকিছো, মোৰ সৈতে তিনি মাহ কথা পতা নাছিল’

June 29, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Double-tap campaign : আফগানিস্তান সীমান্তত পাকিস্তানৰ ‘ডাবল-টেপ’ অভিযানত শিশুসহ নিহত ৩৫

Double-tap campaign : আফগানিস্তান সীমান্তত পাকিস্তানৰ ‘ডাবল-টেপ’ অভিযানত শিশুসহ নিহত ৩৫

June 29, 2026
Heat wave : গৰমে দহিছে ইউৰোপ : হাজাৰোধিক মানুহৰ মৃত্যু, ভাঙিলে তাপমাত্ৰাৰ সৰ্বকালৰ অভিলেখ

Heat wave : গৰমে দহিছে ইউৰোপ : হাজাৰোধিক মানুহৰ মৃত্যু, ভাঙিলে তাপমাত্ৰাৰ সৰ্বকালৰ অভিলেখ

June 29, 2026
IB : চোৰাংচোৱা ব্যুৰোৰ নতুন প্রধান মহেশ দীক্ষিত

IB : চোৰাংচোৱা ব্যুৰোৰ নতুন প্রধান মহেশ দীক্ষিত

June 29, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx