নিউজ ডেক্স:
ডিমাপুৰৰ লগতে উজনি অসমক পাহাৰিয়া ৰাজ্যখনৰ চাৰিখন জিলা ক্ৰমে মোককচাং -টুৱেনচাং-জুনেহবুটু আৰু ফেক জিলাৰ লগত সংলগ্ন কৰা এম কে জি পথতো মৃত্যুদুতলৈ পৰিণত হৈছে।
আজি বিয়লি যোৰহাটৰ পৰা টুৱেনচাংলৈ সামগ্ৰী কঢ়িয়াই নিয়া এ এছ জিৰ এক /ডিডি/২১৯৭ নম্বৰৰ এখন ট্ৰাক নষগালেণ্ডৰএম কেজি পথৰ চাংকী বস্তিৰ সমিপত দুৰ্ঘটনাগ্ৰস্থ হয়।
নেৰানেপেৰা বৰষুন আৰু জৰাজীৰ্ণ পথৰ বাবে নিয়ন্ত্ৰন হেৰুৱাই প্ৰায় তিনিহাজাৰ ফুট তলত বাগৰি পৰা ট্ৰাক খনৰ চালক-হেণ্ডিমেনক সংকট জনক অৱস্থাত উদ্ধাৰ কৰে যদিও ট্ৰাকখন ধংসস্তূপত পৰিনত হয়।
প্ৰায় ১০-১২হাজাত ফুট উচ্চতাৰ বিধ্বস্থ পথতোত সঘনে সংঘঠিত হোৱা পথ দুৰ্ঘটনাত অকলতে বহু চালক-হেণ্ডিমেনে প্ৰান হেৰুৱাৰ লগতে অসংখ্য সৰু -বৰ যান বাহন ধংস হৈছে।













