নিউজ ডেক্স:
হোজাই জিলাৰ ডবকা আৰক্ষী থানাৰ সমীপত উদ্ধাৰ লাখ-লাখ টকা। নিশা দহ বজাৰ পৰা আৰম্ভ কৰা এই অভিযান সমাপ্ত হয় পুৱতি নিশা তিনি বজাত।
কুৰকুৰি বস্তিৰ নিবাসী নেহা দাসৰ বাসগৃহত যোৱানিশা আৰক্ষীয়ে গোপন সূত্ৰৰ ভিত্তিত অভিযান আৰম্ভ কৰে আৰু তাত ৪ লাখ ৮৭ হাজাৰ টকাৰ উপৰিও উদ্ধাৰ কৰে সোণৰ অলংকাৰ আৰু জুৱা খেলৰ সামগ্ৰী তথা গুৰুত্বপূৰ্ণ নথি-পত্ৰ।
উল্লেখ্য যে, অভিযানৰ পূৰ্বেই আৰক্ষী অহাৰ উমান পাই নেহাৰ দাসে ঘৰৰ পিছ দুৱাৰেদি পলায়ন কৰিবলৈ সক্ষম হয়। নেহা নামৰ এই মহিলা গৰাকী জুৱা খেলৰ সৈতে জড়িত থকাৰ লগতে বহু অপৰাধজনিত ঘটনাৰে জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে।
অভিযানত কোনো লোক আটক কৰিবলৈ সক্ষম নাই হোৱা যদিও বৰ্তমানেও নিজ অনুসন্ধান পূৰ্ণৰূপত অব্যাহত ৰাখিছে ডবকা আৰক্ষীয়ে।













