অজন্তা তালুকদাৰ:
বোকাখাত : ক্ৰমে কা-বিৰোধী আন্দোলন, কৰ’ণা সংক্ৰমণৰ লগতে বানপানীৰ ধাৰাবাহিক অথন্তৰে যেন ২০২০ বৰ্ষত ৰাজ্যখনলৈ কঢ়িয়াই আনিলে সংহাৰী সময়। ৰাজনৈতিক অস্থিৰতাৰ লগতে কৰ’ণা ভাইৰাচৰ সংক্ৰমণে মহামাৰী ৰূপ ধাৰণৰ সমান্তৰালকৈ তিনিটাকৈ বানে বিপৰ্যস্ত কৰিথৈ গ’ল জন-জীৱন।
তাতোতকৈ এখোপ আগুৱাই এতিয়া আহিনৰ আবতৰীয়া বান। এই লৈছে এতিয়া প্ৰলয়ংকাৰী ৰূপ। বোকাখাতৰ দ অঞ্চল সমূহত যোৱা ২৭ ছেপ্তেম্বৰৰ সন্ধিয়াৰ পৰা সোমাইছে আহিনৰ বান। তৃতীয় বাৰৰ বাবে ৰোৱা সঁজাল অথবা গেঁৰ ধৰা ধাননী পথাৰৰ লগতে বাসগৃহ সমূহো এতিয়া পানীৰ তলত।
কেইদিনমানৰ পূৰ্বে ভদীয়া বানে অঘৰী কৰা বানাক্ৰান্তই কোনোমতে বাসপোযোগী কৰি লোৱা ঘৰ এৰি পুনৰ একাংশ লোকে এতিয়া আশ্ৰয় ল’ব লগা হৈছে ওখ ঠাইত। আগতীয়াকৈ দুপইচা পোৱাৰ আশাত কৰিবলৈ লোৱা ৰবি খেতিও পানীৰ তলত।
সমূলঞ্চে ডুব গৈছে হাজাৰ হাজাৰ বিঘা মাটি মাহৰ খেতি। ইফালে ধনশিৰি মুখত বিপদ-সীমাৰ ওপৰেদি দ্ৰুতগতিত বৃদ্ধি পাইছে জলপৃষ্ঠ। উল্লেখ্য যে ১৯৮৬ চনৰ পাছত এইবাৰ আবতৰীয়া বানে ভয়ংকৰ ৰূপ লোৱাৰ আশংকা কৰা হৈছে।













