ষ্টাফ ৰিপ’ৰ্টাৰ:
বোকাখাত : সমগ্র বিশ্বতে ত্রাস সৃষ্টি কৰা কৰ’ণা মহামাৰীৰ প্রতি লক্ষ্য ৰাখি অসম চৰকাৰে দুর্গা পূজা উদযাপন সন্দৰ্ভত জাৰি কৰা নীতি নির্দেশনা সম্পৰ্কে আলােচনা কৰিবৰ বাবে আজি মহকুমাধিপতিৰ কার্যালয় সভাকক্ষত মহকুমাধিপতি বিপুল দাসৰ সভাপতিত্বত এখনি জৰুৰী সভা অনুষ্ঠিত হয়।
বোকাখাত মহকুমাৰ বিভিন্ন পূজা কমিটি সমূহৰ কর্ম-কর্তা সকলৰ উপস্থিতিত আয়ােজিত এই সভাত মহকুমাধিপতিগৰাকীয়ে চৰকাৰে দুর্গা পূজা সমিতিসমূহৰ বাবে ধার্য্য কৰা নির্দেশাৱলী সমূহৰ বিষয়ে বিশদভাবে আলােচনা কৰে। কৰ’ণা মহামাৰীৰ সংক্ৰমণৰ প্রতি লক্ষ্য ৰাখি বিগত বৰ্ষ সমূহৰ দৰে এইবাৰ দুৰ্গা পূজাত কোনােধৰণৰ মেলা পূজাস্থলীৰ কাষত আয়ােজন কৰিব নোৱাৰিব।
পথৰ কাষত অস্থায়ী পূজাৰ পেন্ডেল বনাব নোৱাৰিব। পূজা মণ্ডপৰ ভিতৰত সামাজিক দূৰত্ব বর্তাই অতি বেছি ২০ জন ভক্তহে সােমাব পাৰিব। পূজামণ্ডপৰ ভিতৰত সােমােৱাৰ সময়ত মুখত মাস্ক পৰিধান কৰা আৰু হাত ধােৱা বাধ্যতামূলক।
প্রতিমা বিসর্জন কাৰ্যসূচী কেৱল ৫ জন ব্যক্তিয়েহে অংশগ্রহণ কৰিব পাৰিব। প্রতিটো পূজা মণ্ডপত থার্মেল স্কেণাৰ থাকিব লাগিব। যিকোনাে ব্যক্তিৰ গাত চর্দি অথবা কাঁহ আদিৰ লক্ষণ দেখা পালে পূজা কমিতিৰ কর্মকর্তাই ততালিকে ওচৰৰ স্বাস্থ্য কেন্দ্রৰ লগত যােগাযােগ কৰিব লাগিব। মহকুমাধিপতিগৰাকীয়ে উপস্থিত সকলােকে সাবধানতা অবলম্বন কৰি স্বাস্থ্য সম্বন্ধীয় সকলো নির্দেশনাৰ মাজেৰে দুর্গা পূজা উদযাপন কৰিবলৈ আহ্বান জনায়।













