
ষ্টাফ ৰিপৰ্টাৰ
ডিফুঃ সামগ্ৰী কঢ়িওৱা ট্ৰাক তথা অন্য বাহনৰ পৰা নাগালেণ্ডত বিভিন্ন বৈধ আৰু অবৈধ সংগঠনৰ দ্বাৰা সংগ্ৰহ কৰা অত্যাধিক গুণ্ডাকৰৰ পৰা অতিষ্ঠ হৈ আজিৰে পৰা অনিৰ্দিষ্ট কাললৈ ডিমাপুৰলৈ সামগ্ৰী কঢ়িওৱা ট্ৰাক তথা অন্য সামগ্ৰী কঢ়িওৱা সৰু বাহন প্ৰবেশ অৱৰোধ কৰে বিভিন্ন দল সংগঠনে। প্ৰত্যেকখন ট্ৰাকৰ পৰা ৫হাজাৰৰ পৰা ২০হাজাৰ পৰ্যন্ত গুণ্ডাকৰ সংগ্ৰহ কৰে ডিমাপুৰৰ বিভিন্ন বৈধ সংগঠন তথা উগ্ৰপন্থী সংগঠনে । যদিহে নাগালেণ্ড চৰকাৰে এই গুণ্ডাকৰ সংগ্ৰহৰ ক্ষেত্ৰত স্থায়ী সমাধান নকৰে তেন্তে এই ‘চকা জাম’ কাৰ্যসূচী চলি থাকিব বুলি সকীয়াই দিয়ে অৱৰোধ কাৰ্যসূচী সমৰ্থকসকলে।
যোৱা ২২ ছেপ্টেম্বৰ তাৰিখে ডিমাপুৰত অসমৰ ধেমাজিৰ ট্ৰাক চালক জিতেন গগৈক গুলিয়াই হত্যা কৰা হৈছিল আৰু আজি পৰ্যন্ত নাগালেণ্ড চৰকাৰে কোনো ধৰণৰ তদন্ত ঘোষণা নকৰা আৰু মৃত জিতেন গগৈৰ মৃত্যুৰ ক্ষতিপূৰণৰ দাবী কৰি অনিৰ্দিষ্ট কাললৈ ডিমাপুৰ প্ৰৱেশত অৱৰোধ কাৰ্যসূচী ৰূপায়ন । অতি সোনকালেই জিতেন গগৈৰ হত্যাকাৰীক কৰায়ত্ত কৰি উচিত শাস্তি প্ৰদান কৰাৰ দাবী তোলে সংগঠনকেইটাই নহ’লে আগন্তুক দিনত অন্য চালকসমূহৰ সুৰক্ষা কেনেদৰে কৰিব ডিমাপুৰ প্ৰশাসনে এনেবোৰ দাবী তুলি অৱৰোধ কাৰ্যসূচী ৰূপায়ন ডিমাপুৰ ট্ৰাক মালিক সন্থা, ডিমাপুৰ চালক সন্থা , বোকাজান ট্ৰাক মালিক সন্থা , লাহৰিজান ট্ৰাক চালক সন্থা আৰু কেইবাটাও সংগঠনে।












