অজন্তা তালুকদাৰ:
বোকাখাত: ২ অক্টোবৰত গান্ধী জয়ন্তীৰ উপলক্ষত বোকাখাত জে.ডি.এছ.জি. মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক সুবোধ বৰাই সম্পূৰ্ণ নিজাববীয়া উদ্যোগত কাষৰীয়া ডিফলুপথাৰ উচ্চ মাধ্যমিক বিদ্যালয়ত চেনিটাইজেচন কাৰ্য সম্পাদন কৰে ৷
শিক্ষানুষ্ঠানখনৰ কাৰ্যালয়, শিক্ষক জিৰণি কোঠা, পদূলিমুখ, শ্ৰেণীকোঠা, শৌচাগাৰকে আদি কৰি সমগ্ৰ চৌহদত উক্ত চেনিটাইজেচন কৰাহয় ৷ তদুপৰি বিদ্যালয়খনত অনুষ্টুপীয়াকৈ আয়োজন কৰা গান্ধী জয়ন্তীৰ কাৰ্যসূচীতো তেখেতে অংশ গ্ৰহণ কৰে ৷
উল্লেখ্য যে ৰাজ্যখনত সম্পন্ন হোৱা প্ৰথম বৰ্ষৰ গুণোৎসৱত অধ্যাপক গৰাকীয়ে উক্ত শিক্ষানুষ্ঠানখনত পৰ্যবেক্ষকৰ দায়িত্ব পালন কৰিছিল আৰু তেতিয়াৰে পৰা গ্ৰাম্য আৰু অৰ্থনৈতিকভাৱে অনগ্ৰসৰ পৰিৱেশত অৱস্থিত শিক্ষানুষ্ঠানখনৰ বিভিন্ন দিশৰ লগত অধ্যাপক গৰাকী জড়িত হৈ আহিছে ৷
প্ৰধান শিক্ষক দিলীপ কুমাৰ থাপাৰ উপৰিও বিদ্যালয়খনৰ জ্যেষ্ঠ শিক্ষক প্ৰফুল্ল পূজাৰী, প্ৰাণজিৎ ভূঞাঁ, ইন্দ্ৰপ্ৰসাদ উপাধ্যায় আৰু কৰ্মচাৰী ৰাজু চেত্ৰী উপস্থিত থাকি অধ্যাপক গৰাকীক সহযোগ কৰে আৰু তেখেতৰ লগতে সহযোগী সুভাষ গোৱালাৰ প্ৰচেষ্টাৰ শলাগ লয় ৷ অনাগত দিনত অধিক শিক্ষানুষ্ঠানত এনে কাৰ্য সম্পন্ন কৰা হব বুলি অধ্যাপক গৰাকীয়ে জানিবলৈ দিছে ৷













