ষ্টাফ ৰিপ’ৰ্টাৰ:
বোকাখাত : সমগ্র দেশৰ লগতে বিভিন্ন কাৰ্যসূচীৰে বোকাখাত মহকুমাতো প্রশাসনৰ উদ্যোগত গান্ধী জয়ন্তী উদযাপন কৰা হয়। গান্ধী জয়ন্তী উপলক্ষে বোকাখাত মহকুমাৰ মহকুমাধিপতি বিপুল দাসে কার্যালয় প্রাংগনত প্রতিষ্ঠিত মহাত্মা গান্ধীৰ প্রতিমূর্তিত বন্তি প্রজ্বলন কৰাৰ লগতে পুষ্পমাল্য অর্পণ কৰে।
ইয়াৰ পিছত কার্যালয়ৰ সমূহ বিষয়া-কর্মচাৰীয়ে জাতিৰ পিতা মহাত্মা গান্ধীৰ প্রতিমূর্তিত পুষ্পাঞ্জলি অর্পণ কৰে। কোভিড-১৯ মহামাৰীৰ প্রতি লক্ষ্য ৰাখি মহকুমা প্রশাসনে গান্ধী জয়ন্তী উপলক্ষে ছাত্র-ছাত্রীসকলৰ মাজত মহকুমাভিত্তিত অন-লাইন ৰচনা আৰু বক্তৃতা প্রতিযােগিতা অনুষ্ঠিত কৰে।
ক শাখাত নৱম শ্রেনীৰ পৰা দশম শ্রেনীৰ ছাত্র-ছাত্রীৰ মাজত হােৱা ৰচনা প্রতিযোগিতায় প্রথম স্থান লাভ কৰে দিল্লী পাব্লিক স্কুলৰ ডলি আগৰৱালা, দ্বিতীয় স্থান লাভ কৰে ৰজাবাৰী হাইস্কুলৰ চিনুপ্রিয়া শইকীয়া ,তৃতীয় স্থান লাভ কৰে যুটীয়াভাবে খ্রীষ্টজ্যোতি হাইস্কুলৰ ভাৱনা গগৈ আৰু অভিলাষ গৌতমে, উদগনিমূলক বটা লাভ কৰে ৰ’জ ইংলিচ হাইস্কুলৰ প্রাণ উজ্বল কার্ডঙে।
খ শাখাত একাদশ শ্ৰেনীৰ পৰা দ্বাদশ শ্রেনীৰ ছাত্র-ছাত্রীৰ মাজত আয়ােজিত ৰচনা প্রতিযোগিতাৰ প্রথম স্থান লাভ কৰে কুৰুৱাবাহী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ তৃষ্ণা বৰা, দ্বিতীয় স্থান লাভ কৰে বেষ্ট একাডেমীৰ স্নেহা বৰা বাঢ়ৈ আৰু তৃতীয় স্থান লাভ কৰে বেষ্ট একাডেমীৰ গৌৰৱ হাজৰিকাই।
আনহাতে মহকুমা প্রশাসক ষষ্ঠ শ্রেণীৰ পৰা অষ্টম শ্রেণীৰ ছাত্র-ছাত্রীসকলৰ মাজত অনুষ্ঠিত কৰা বক্তৃতা প্রতিযােগিতাত প্রথম স্থান লাভ বজাবাৰী হাইস্কুলৰ অনামিকা চিন্তে, দ্বিতীয় স্থান লাভ কৰে খ্রীষ্টজ্যোতি হাইস্কুলৰ অংকিতা বৰা, তৃতীয় স্থান লাভ কৰে মহুৰামুখ উচ্চ মাধ্যমিক বিদ্যালয়ৰ অংকিতা শইকীয়াই, উদগনিমূলক বটা লাভ কৰে দিল্লী পাব্লিক স্কুলৰ য়াচিকা পাটোৱাৰী আৰু ধনশিৰিমুখ জনজাতি চিনিয়ৰ বেচিক স্কুলৰ সঞ্জীৱ ছেত্রীয়ে।
উল্লেখযােগ্য যে, গান্ধী জয়ন্তীৰ লগত সংগতি ৰাখি ১ অক্টোবৰত বোকাখাত মহকুমা প্রশাসনৰ উদ্যোগত তথা ৰাজনীতি বিজ্ঞান বিভাগ, জে.ডি.এছ.জি মহাবিদ্যালয় বোকাখাতৰ সহযোগিতাত বর্তমান সময়ত গান্ধীবাদী চিন্তাৰ প্রাসঙ্গিকতাঃ আত্মনিৰ্ভৰশীলতাৰ আহ্বান বিষয়ৰ ওপৰত এখনি ৱেবিনাৰ অনুষ্ঠিত কৰা হয়। উক্ত ৱেবিনাৰখনিত সমল ব্যক্তি হিচাপে উপস্থিত থাকে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ড°কৌস্তভ কুমাৰ ডেকা।













