ষ্টাফ ৰিপ’ৰ্টাৰ:
নগাঁও :গান্ধী জয়ন্তী উপলক্ষে আজি নগাঁও জিলা প্ৰশাসনে জাতিৰ পিতা মহাত্মা গান্ধীক স্মৰণ কৰে । জিলা প্ৰশাসনৰ উদ্যোগত নগাঁও ছোৱালী মহাবিদ্যালয় প্ৰেক্ষাগৃহত গান্ধী জয়ন্তী উপলক্ষে আয়োজিত এক অনুষ্ঠানত ক’ৰোনা মহামাৰীৰ সময়ত যথেষ্ট কষ্ট আৰু ত্যাগ স্বীকাৰ কৰি সেৱা আগবঢ়োৱা কোভিড যোদ্ধা সকলক সম্বৰ্ধনা জ্ঞাপন কৰা হয়।
জিলা উপায়ুক্ত কবিথা পদ্মনাভণে সভাপতিত্ব কৰা উক্ত অনুষ্ঠানত জিলাখনৰ বিভিন্ন কোভিড চিকিৎসালয়ত নিয়োজিত পঞ্চাশ গৰাকী চাফাই কৰ্মচাৰীক তেওঁলোকে আগবঢ়োৱা সেৱাৰ বাবে সম্বৰ্ধনা জনোৱা হয়।
মহামাৰীৰ কঠিন সময়ত এই সকল কৰ্মচাৰীয়ে আগবঢ়াই অহা সেৱাৰ বাবে জিলা উপায়ুক্ত গৰাকীয়ে চাফাই কৰ্মচাৰীসকলক ধন্যবাদ জ্ঞাপন কৰে।আজিৰ অনুষ্ঠানত অতিৰিক্ত উপায়ুক্ত জয়ন্ত কুমাৰ বৰা, গৰ্গ মোহন দাস, যুটীয়া স্বাস্থ্য সঞ্চালক এ চি পাটৰ আৰু নগাঁও ছোৱালী মহাবিদ্যালয়ৰ অধ্যক্ষ বলীন কুমাৰ ভূঞা প্ৰমুখ্যে স্বাস্থ্য বিভাগৰ বিষয়া কৰ্মচাৰী সকল উপস্থিত থাকে।
ইপিনে জিলা কৰ্মচাৰী পৰিষদে আজি জাতিৰ পিতা মহাত্মা গান্ধীৰ ১৫১ সংখ্যক জন্ম দিৱসত মহান নেতা গৰাকীক স্মৰণ কৰে । নগাঁও জিলা কৰ্মচাৰী পৰিষদে আয়োজন কৰা গান্ধী জয়ন্তী অনুষ্ঠানত নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতিচ্ছবিত মাল্যপন কৰাৰ লগতে বৃক্ষ ৰোপন কাৰ্যসূচীত অংশগ্ৰহণ কৰে। অনুষ্ঠানত নগাঁও জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি, সম্পাদকৰ লগতে কেন্দ্ৰীয় সমিতিৰ সদস্য আৰু আঞ্চলিক সদস্য সকল উপস্থিত থাকে।













