ASSAM TIMES POST
বোকাখাতঃ বিশ্বৰ দ্বিতীয়টি সৰ্বপুৰণি চাহ উৎপাদনকাৰী প্ৰতিষ্ঠান বুলি পৰিগণিত, উনৈশ শতিকাৰ মাজভাগত প্ৰতিষ্ঠিত যোৰহাট টি কোম্পানী লিমিটেড (Jorehaut Tea Company Ltd.)ৰ অধীনৰ গোলাঘাট জিলাৰ অন্যতম পুৰণি চাহ বাগিচা নুমলীগড় চাহ বাগিচাৰ পাঁচ নং লাইন প্ৰাথমিক বিদ্যালয়ৰ মুনিলাল ঠাকুৰ সোঁৱৰণী তোৰণখনৰ যোৱা ৮ আগষ্টত উন্মোচন কৰা হয়।
গোলাঘাট পশ্চিম শিক্ষা খণ্ডৰ অধীনৰ শিক্ষাৰ প্ৰসাৰৰ ক্ষেত্ৰত স্থানীয় মহলত গুৰুত্বপূৰ্ণ সেৱা আগবঢ়োৱা এই বিদ্যালয়খনৰ তোৰণখন উন্মোচন কৰে নুমলীগড় বাগিচাৰ জ্যেষ্ঠ পৰিচালক গৌতম ৰাওতে। মুনিলাল ঠাকুৰৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে অমৃত তাঁতীয়ে। উন্মোচনী অনুষ্ঠানটিত তোৰণখনৰ দাতা তথা মুনিলাল ঠাকুৰৰ পুত্ৰ বিজয় ঠাকুৰ আৰু বোৱাৰী নীলম ঠাকুৰ, জ্যেষ্ঠ সাংবাদিক তথা নেপালীখুঁটি বনুৱা প্ৰাথমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক বুবুল দত্ত, জিলা পৰিষদৰ উপ সভাপতি ৰশ্মি কাকতি, পাঁচ নম্বৰ লাইন প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক প্ৰশান্ত শৰ্মাকে ধৰি বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰীসকল, মাতৃ গোট আৰু বিদ্যালয় পৰিচালনা সমিতিৰ সদস্যসকল, ভালেসংখ্যক অভিভাৱক, বাগিচাৰ কৰ্মচাৰী ৰাজীৱ সন্দিকৈ, অমৃত সাগৰ, গুণীন দাসৰ লগতে বাগিচা সংঘৰ সভাপতি সম্পাদক আৰু বহু স্থানীয় গণ্যমান্য ব্যক্তি উপস্থিত থাকে। তোৰণখনি বিদ্যালয়লৈ প্ৰদান কৰাৰ বাবে দাতা পৰিয়াললৈ বিদ্যালয় কৰ্তৃপক্ষকে ধৰি অভিভাৱক তথা স্থানীয় ৰাইজে ধন্যবাদ জ্ঞাপন কৰিছে।













