যোৰহাটৰ পৰা অজন্তা তালুকদাৰ:
আজি যোৰহাট প্ৰেছ ক্লাৱত অসমীয়া জাতিৰ প্ৰতি থকা দায়বদ্ধতা অটুত ৰাখি সেৱা আগবঢ়োৱা ৰাজ্যখনৰ সাংস্কৃতিক আৰু সংবাদ জগতৰ অন্যতম অগ্ৰণী অনুষ্ঠান গণ সাংস্কৃতিক মঞ্চ, অসমৰ দ্বি-বাৰ্ষিক অধিবেশন অনুষ্ঠিত হয়।
গণ সাংস্কৃতিক মঞ্চ, অসমৰ সম্পাদক অৰূপ দত্তই আঁত ধৰা মূল সভাৰ আৰম্ভণিতে গীত পৰিবেশন কৰে যুৱ শিল্পী পাৰ্থজিত নেওগে। কভিড প্ৰটকল মানি অনুষ্ঠিত সভাৰ সভাপতিত্ব কৰে গণ সাংস্কৃতিক মঞ্চ, অসমৰ সভাপতি তথা ‘গণবাৰ্তা’ বাৰ্তালোচনীৰ সম্পাদক নৰেন্দ্ৰ নাথ দত্তই। সভাত বিগত সময়ৰ কাৰ্যকালৰ সম্পদকৰ প্ৰতিবেদন পাঠ কৰে সম্পাদক অৰূপ দত্তই।
সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি বক্তব্য প্ৰদান কৰে ক্ৰমে কাকজান মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ ড° অনিল কুমাৰ শইকীয়া, যোৰহাট জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰাক্তন সম্পাদক অজিত বৰা, বিশিষ্ট অধিবক্তা-কবি দিব্যজ্যোতি দত্তই। আজিৰ সভাত বিশিষ্ট অতিথি হিচাপে আৰু উপস্থিতি থাকে আৰু নুমলীগড় জুনিয়ৰ কলেজৰ ইংৰাজীৰ বিষয় শিক্ষয়িত্ৰী তথা “আছাম টাইমছ পোষ্টৰ” ষ্টাফ ৰিপ’ৰ্টাৰ অজন্তা তালুকদাৰ।
সভাতে দিব্যজ্যোতি দত্তক সভাপতি আৰু পূৰ্বৰ সম্পাদক অৰূপ দত্তক সম্পাদক হিচাপে লৈ সৰ্বসন্মতিক্ৰমে গণ সাংস্কৃতিক মঞ্চ, অসমৰ সদ্যহতে ১৯ জনীয়া নৱ-নিৰ্বাচিত সমিতিখন গঠন কৰা হয়। পৰবৰ্তী সময়ত সমিতিখনৰ বৰ্দ্ধিতকৰণ কৰা হ’ব বুলিও সভাত ঘোষণা কৰা হয়।
সভাত স্বৰচিত কবিতা পাঠ কৰে বিশিষ্ট শিল্পী-কবি প্ৰভাত শইকীয়া, অৰূপ দত্ত, নৰেন্দ্ৰ নাথ দত্ত, দিব্যজ্যোতি দত্তই আৰু গীত পৰিবেশন কৰে শিশু শিল্পী মেঘনা শইকীয়াই। অনুষ্ঠানত গণ সাংস্কৃতিক মঞ্চ, অসমৰ উপদেষ্টা সকল, বিষয় ববীয়া সকল আৰু সদস্য সকলৰ লগতে স্থানীয় গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে। অনুষ্ঠানৰ শেষত শলাগৰ শৰাই আগবঢ়ায় সম্পাদক অৰূপ দত্তই।













