ষ্টাফ ৰিপ’ৰ্টাৰ:
অৱশেষত চূড়ান্ত হ’ল কংগ্ৰেছ-ইউডিএফৰ ৰাজনৈতিক মিত্ৰতা। চৰ্চা আৰু অনুমান পূৰ্বৰ পৰাই আছিল যদিও আজি তাত আনুষ্ঠানিকতা সম্পূৰ্ণ হয়। অৰ্থাৎ আজি কংগ্ৰেছ আৰু ইউডিএফে ২০২১ত ৰাজ্যৰ বিধানসভা নিৰ্বাচনত আসন বুজাবুজিৰে অৱতীৰ্ণ হোৱাটো চূড়ান্ত হয়।
বিজেপিক ৰুধিবৰ বাবেই এই নিৰ্বাচনী মিত্ৰতা বুলি প্ৰকাশ কৰে ইউডিএফ প্ৰধান বদৰুদ্দিন আজমলে। আজি দিছপুৰত অনুষ্ঠিত দুয়োটা দলৰ বৈঠকত নিৰ্বাচনী মিত্ৰতাৰ চূড়ান্ত মোহৰ মৰা হয়।













